30 C
Guwahati
Wednesday, October 27, 2021
More

    CAA-NRCৰ প্ৰতিবাদত মৃত্যুবৰণ কৰা লোকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক অনুদানৰ ঘোষণা; ছুন্নী ৱাকফ্ বৰ্ডে ক’লে এয়া নীতিবৰ্হিভূত !

    বৰ্ডৰ চিইঅ'ৰ হস্তাক্ষৰ আৰু অনুমতিৰ অবিহনে কোনো অধ্যক্ষই অনুদান আগবঢ়াব নোৱাৰে

    CAA আৰু NRCৰ বিৰুদ্ধে আন্দোলন-প্ৰতিবাদ সাব্যস্ত কৰোতে মৃত্যুমুখত পৰা লোককেইজনৰ পৰিয়াললৈ দিল্লী ৱাকফ্ বৰ্ডে ৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আম আদমী পাৰ্টীৰ বিধায়ক তথা দিল্লী ৱাকফ্ বৰ্ডৰ অধ্যক্ষ অমানাতুল্লাহ খানে।

    CAA আৰু NRCৰ বিৰুদ্ধে যুঁজ দি মৃত্যুক আঁকোৱালি লোৱা প্ৰত্যেকজনৰে আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ তেওঁ সমবেদনা জ্ঞাপন কৰে। অমানাতুল্লাহ খানৰ এই ঘোষণাৰ বিৰোধিতা কৰিছে ছুন্নী ৱাকফ্ বৰ্ডে।

    ছুন্নী ৱাকফ্ বৰ্ডৰ চিইঅ’ শ্বামিম আখটাৰে অমানাতুল্লাহ খানৰ ঘোষণাক নীতিবৰ্হিভূত বুলি কোৱাৰ লগতে দিল্লী ৱাকফ্ বৰ্ডে এনেধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি কয়। বৰ্ডৰ চিইঅ’ৰ হস্তাক্ষৰ আৰু অনুমতিৰ অবিহনে কোনো অধ্যক্ষই অনুদান আগবঢ়াব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে।

    Photo Credit: The Times Of India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং