দিল্লীৰ উত্তৰ-পূব জিলাত সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদত আজি পৃথক-পৃথক স্থানত চলিল গুলি। ভজনপুৰাত এটি নাবালকৰ হাতত লাগে গুলি। আহত শিশুটিক জগ প্ৰৱেশ হাস্পতালত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে উত্তৰ-পূব জিলাত গোটেই নিশা অব্যাহত থাকিল অশান্তিকৰ পৰিস্থিতিৰ আৰু কেইবাটাও এলেকাত শিলাবৰ্ষণ হয়।
জানকাৰী অনুসৰি, মঙলবাৰে ভজনপুৰা এলেকাত North Ghoda Cemeteryৰ সমীপত গুলীচালনাৰ ঘটনা সংঘটিত হয়। এই গুলীচালনাত এটি নাবালকৰ হাতত লাগে গুলি। ইয়াৰোপৰি প্ৰায় ৫০ গৰাকীতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয় শিলাবৰ্ষণত।
হিংসাত্মক ঘটনাত আহত লোকসকলক জিিটবি হাস্পতাল আৰু জগ প্ৰৱেশ হাস্পতালত ভৰ্তি কৰোৱা হয়। বৃহৎ সংখ্যক আৰক্ষী মোতায়ন কৰা হৈছে অঞ্চলটোত। সম্পূৰ্ণ এলেকাত ১৪৪ ধাৰা বলবৎ কৰা হৈছে। ইয়াৰোপৰি এলেকাৰ স্কুলসমূহো বন্ধ কৰি ৰখা হৈছে।
Photo credit: PTI