33 C
Guwahati
Wednesday, September 28, 2022
More

    আজি সন্ধিয়া ৮.১৫ বজাত পল্টন বজাৰ ষ্টেচনত উপস্থিত হ’ব দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী ৰে’ল

    গুৱাহাটীৰ পল্টন বজাৰ ৰে'ল ষ্টেচনত নামিব কেইগৰাকীও যাত্ৰী। আজি নিশা ১২ বজাত উপস্থিত হ'ব ডিমাপুৰত। কাইলৈ পুৱা ৭ বজাত ডিব্ৰুগড় ৰে'ল ষ্টেচন পাবগৈ ৰে'লখন

    আজি অসমত প্ৰৱেশ কৰিব দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী ৰে’লখন। বিয়লি ৫ বজাত উপস্থিত হ’ব কোকৰাঝাৰ ৰে’ল ষ্টেচনত। দিল্লীৰ পৰা ৰে’লখনত আহি আছে অসমৰ ৮ শতাধিক লোক। সন্ধিয়া ৮ বাজি ১৫ মিনিটত পল্টন বজাৰ ষ্টেচনত উপস্থিত হ’ব ৰে’লখন। কোকৰাঝাৰ, গুৱাহাটী, লামডিং, ডিমাপুৰ আৰু মৰিয়নী হৈ সোমাব ডিব্ৰুগড়ত।

    গুৱাহাটীৰ পল্টন বজাৰ ৰে’ল ষ্টেচনত নামিব কেইগৰাকীও যাত্ৰী। আজি নিশা ১২ বজাত উপস্থিত হ’ব ডিমাপুৰত। কাইলৈ পুৱা ৭ বজাত ডিব্ৰুগড় ৰে’ল ষ্টেচন পাবগৈ ৰে’লখন। ৰে’লখন অহাৰ পূৰ্বেই সষ্টম ৰে’ল কৰ্তৃপক্ষ আৰু চিকিৎসা কৰ্মী-স্বাস্থ্য বিভাগ। ৰে’লখনত অহা সকলো যাত্ৰীৰ বাবে ১৪ দিনৰ কোৱাৰাইণ্টাইন বাধ্যতামূলক। ষ্টেচনত নমাৰ পিছত প্ৰতিজন যাত্ৰীৰে কৰা হ’ব স্বাস্থ্য পৰীক্ষা।

    ইফালে ডিব্ৰুগড় আহি পাবলগীয়া যাত্ৰীবাহী ৰে’লক লৈ প্ৰস্তুতি চলইছে প্ৰশাসনৰ লোকে। ডিব্ৰুগড় বাণীপুৰ ষ্টেশ্যনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী। উপস্থিত হবলগীয়া যাত্ৰীৰ স্ক্ৰীণিং তথা স্বাস্থ্য পৰীক্ষাৰ বাবে সাজু হৈছে প্ৰশাসনৰ লোক।

    চুবুৰীয়া ৰাজ্যসমূহৰ যাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰি পঠিওৱাৰ পৰিকল্পনা। ডিব্ৰুগড়ৰ যাত্ৰীসকলক পৰীক্ষা কৰি কোৱোৰাইণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণৰ প্ৰস্তুতি চলোৱা হৈছে। ডিব্ৰুগড়ত নিৰ্মাণ কৰা কোৱাৰাইণ্টাইন কেন্দ্ৰসমূহৰ বুজ ল’লে মন্ত্ৰীগৰাকীয়ে। স্ক্ৰীণিং নকৰাকৈ যাতে কোনো ওলাই যাব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে প্ৰশাসনৰ লোক।

    Photo credit: DNA India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং