15 C
Guwahati
Tuesday, January 25, 2022
More

    দিল্লীৰ পৰা অহা ডিব্ৰুগড়ৰ ৪জনীয়া এটা পৰিয়ালৰ দেহত জ্বৰৰ লক্ষণ

    আজি পুৱা ৭.৩০ বজাত ডিব্ৰুগড়ৰ বাণীপুৰত প্ৰৱেশ কৰিছিল দিল্লীৰ পৰা অহা বিশেষ ৰে'লখনে

    ডিব্ৰুগড়ৰ চাৰিজনৰ দেহত জ্বৰৰ লক্ষণ দেখা পোৱা গৈছে। দিল্লীৰ পৰা ৰে’ল যোগে আহিছিল ডিব্ৰুগড়ৰ চাৰিজনীয়া পৰিয়ালটো। স্বাস্থ্য বিভাগে কৰা স্ক্ৰীনিঙত ধৰা পৰে জ্বৰৰ লক্ষণ।

    লগে লগে ১০৮ৰ জৰিয়তে পিতৃ মাতৃসহ দুটি সন্তান থকা চাৰিজনীয়া পৰিয়াটোক জকাই মডেল কোৱাৰাইণ্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হয়। তাতেই চাৰিজনীয়া পৰিয়ালটোৰ স্বাৱ সংগ্ৰহ কৰি কভিড-১৯ৰ পৰীক্ষা কৰা হ’ব। পৰীক্ষাৰ পিছতহে কভিডৰ উৰপস্থিত বিষয়ে জানিব পৰা যাব।

    উল্লেখ্য যে, আজি পুৱা ৭.৩০ বজাত ডিব্ৰুগড়ৰ বাণীপুৰত প্ৰৱেশ কৰিছিল দিল্লীৰ পৰা অহা বিশেষ ৰে’লখনে। দিল্লীৰ পৰা আৱদ্ধ যাত্ৰীক লৈ ডিব্ৰুগড়ত উপস্থিত গৈছিল ৰাজধানী এক্সপ্ৰেছ। ডিব্ৰুগড়ৰ চাৰিজনীয়া পৰিয়ালটোৰ লগতে উজনি অসমৰ ৪৮২জন যাত্ৰী কঢ়িয়াই আনিছিল ৰে’লখনে।

    ডাঃ নৱজ্যোতি গগৈ, যুটীয়া স্বাস্থ্য সঞ্চালক

    Photo Credit: @abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং