31 C
Guwahati
Saturday, October 1, 2022
More

    দিল্লীঃ কণ্টেনমেণ্ট জ’নৰ বাহিৰে আজিৰে পৰা খোল খালে ৬৬খন ব্যক্তিগত সুৰাৰ বিপণী

    ইয়াৰ লগতে দিল্লী চৰকাৰে প্ৰতিখন দোকানক Odd-Even নীতি-নিয়ম পালন কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে

    কৰ’ণা ভাইৰাছৰ বাবে দিয়া লকডাউনৰ মাজতে দিল্লীত ৰেহাই। ৩ সপ্তাহ পূৰ্বে দিল্লী চৰকাৰে ৰাজ্যখনত সুৰাৰ বিপণী খোলাৰ আৰম্ভণি কৰিছিল আৰু এতিয়া ব্যক্তিগত সুৰাৰ বিপণীসমূহো খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু ৬৬খন দোকানকহে এই অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ লগতে কণ্টেনমেণ্ট জ’নত থকা দোকানসমূহ খোলাৰ অনুমতি বৰ্তমানেও প্ৰদান কৰা হোৱা নাই।

    দিল্লী চৰকাৰে আজি এই নিৰ্দেশনা প্ৰদান কৰে। চৰকাৰে কোৱা অনুসৰি মাত্ৰ ৬৬খন দোকানেহে বৰ্তমান চৰকাৰী নিৰ্দেশনা পালন কৰিব। দোকানসমূহ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ খুলিব পাৰিব। PTIয়ে কোৱা অনুসৰি দিল্লীত ৮৬৩খন সুৰাৰ দোকান আছে।

    ইয়াৰ লগতে দিল্লী চৰকাৰে প্ৰতিখন দোকানক Odd-Even নীতি-নিয়ম পালন কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে। শ্বপিং মলত থকা সুৰাৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হোৱা নাই।

    Photo credit: www.abplive.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং