22 C
Guwahati
Monday, January 24, 2022
More

    ‘পৰাজয়ত আমি নিৰাশ নহও’- বিজেপিৰ মুখ্য কাৰ্যালয়ত আঁৰিল এখন পোষ্টাৰ

    পোষ্টাৰখনত লিখিলে- ‘বিজয়ত আমি অহংকাৰী নহও আৰু পৰাজয়ত আমি নিৰাশ নহও।’

    দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে সোমবাৰে নিশাই বিজেপি মুখ্য কাৰ্যালয়ত অমিত শ্বাহৰ এখন পোষ্টাৰ লগোৱা হ’ল। পোষ্টাৰখনত লিখিলে- ‘বিজয়ত আমি অহংকাৰী নহও আৰু পৰাজয়ত আমি নিৰাশ নহও।’ ২২ বছৰ ধৰি দিল্লীৰ ক্ষমতাৰ পৰা দূৰত থকা বিজেপি এইবাৰো পিছপৰি ৰ’ল যদিও ২০১৫ৰ তুলনাত সুবিধা লাভ কৰিছে বিজেপিয়ে। ১৮-২০খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে। আনহাতে, ট্ৰেণ্ডিঙত আম আদমী পাৰ্টীৰ বহুমত লাভ। দিল্লীৰ ৭০খন আসনক লৈ ভোটগণনা অব্যাহত।

    বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে ক’লে যে ট্ৰেণ্ডৰ দ্বাৰা সংকেত পোৱা গৈছে যে আপ আৰু বিজেপিৰ মাজত বহুত ব্যৱধান আছে কিন্তু এতিয়াও সময় আছে। আমি আশাবাদী। ফলাফল যিয়েই নহওক, ৰাজ্যৰ সভাপতি হিচাপে মই দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু। ইয়াৰ পূৰ্বে তিৱাৰীয়ে কৈছিল যে- মই একেবাৰে নাৰভাছ নহয়। মোৰ বিশ্বাস আছে যে আজিৰ দিনটো বিজেপিৰ কাৰণে ভাল হ’ব। যদি আমি ৫৫খন আসন লাভ কৰো তেন্তে ইয়াত আচৰিত হোৱাৰ কাৰণ নাই।

    দিল্লী বিধানসভাৰ বাবে মুঠ ৬৭২ গৰাকী প্ৰাৰ্থী এইবাৰ নিৰ্বাচনী খেলপথাৰত নামিছে। ইয়াৰ ভিতৰত ৫৯৩ পুৰুষ আৰু ৭৯ গৰাকী মহিলা প্ৰাৰ্থী। এই নিৰ্বাচনত মুঠ ৬২.৫৯% ভোটগ্ৰহণ হয়, ২০১৫ৰ বিধানসভা নিৰ্বাচনৰ ৬৭.৪৯%ৰ তুলনাত প্ৰায় ৫% হ্ৰাস হৈছে এইবাৰৰ নিৰ্বাচনত।

    Photo credit: google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং