15 C
Guwahati
Tuesday, January 25, 2022
More

    আপে পিন্ধিলে বিজয়ৰ মুকুট; দিল্লীত চলিব অৰবিন্দ কেজৰিৱালৰ ৰাজত্ব

    আপে ৭০খন আসনৰ ভিতৰত ৬৩খন আসন লাভ কৰি বৃহৎ বিজয় সাব্যস্ত কৰে

    দিল্লীত পুনৰ গঠন হ’ল আম আদমী পাৰ্টিৰ চৰকাৰ৷ আজি অৰ্থাৎ ১১ ফেব্ৰুৱাৰীত ঘোষণা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল৷ পুৱা ৮ বজাৰে পৰা আৰম্ভ হৈছিল ভোটগণনাৰ প্ৰক্ৰিয়া৷ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া হৈছিল ৮ ফেব্ৰুৱাৰীত। বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৰবিন্দ কেজৰিৱালেই ধৰিলে দিল্লী শাসনৰ বাঘজৰী৷ দিল্লীত পুনৰ আপৰ চৰকাৰ গঠন হোৱাটো এক প্ৰকাৰৰ নিশ্চিতয়েই আছিল৷ আপে ৭০খন আসনৰ ভিতৰত ৬৩খন আসন লাভ কৰি বৃহৎ বিজয় সাব্যস্ত কৰে৷ দিল্লী বিধানসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰলৈ আপ দলে পিন্ধিলে বিজয়ৰ মুকুট।

    ভোটগণনাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই আপে বহুকেইখন আসনত অগ্ৰগতি লাভ কৰি থকাৰ হেতুকে আপৰ মুখ্য কাৰ্যালয়ত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছিল আনন্দমুখৰ পৰিৱেশ৷ উল্লেখ্য যে শেহতীয়াভাৱে বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এগজিট প’লত দিল্লীত আম আদমী পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি প্ৰকাশ পাইছিল।আপে লাভ কৰে ৬৩খন আসন, বিজেপিয়ে ৭খন আৰু কংগ্ৰেছে লাভ কৰে শূন্য আসন৷

    Photo Credit: Dekh News

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং