22 C
Guwahati
Thursday, January 20, 2022
More

    দিল্লী-ডিব্ৰুগড় তৃতীয়খন ৰে’ল উপস্থিত অসমত, ৩.৩০ বজাত উপস্থিত হয় মৰিয়নীত

    মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি আদৰণি জনায় যাত্ৰীসকলক

    শনিবাৰে পুৱা দিল্লী ডিব্ৰুগড় তৃতীয় খন ৰে’ল উপস্থিত হয় মৰিয়নীত৷ পুৱা ৩.৩০ বজাত নিৰ্ধাৰিত সময়তকৈ প্ৰায় ২ ঘন্টা পলমকৈ মৰিয়নী জংচন উপস্থিত হয় ৰে’ল খন৷ উজনিৰ ২খন জিলাৰ মুঠ ২৭ গৰাকী যাত্ৰী নামে মৰিয়নী জংচনত৷ ইয়াৰে গোলাঘাট জিলাৰ ১৩ গৰাকী, যোৰহাট জিলাৰ ১৪ গৰাকী ৰে’ল খনৰ পৰা নামে৷

    নিশাৰ পৰা মৰিয়নী জংচনত উপস্থিত থাকে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, চিকিৎসক, যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰা চিকিৎসা কৰ্মীৰ দল, ৰে’ল বিভাগৰ বিষয়ববীয়া আৰু ৰে’ল আৰক্ষীৰ দল৷ যাত্ৰী সকলক মৰিয়নী জংচনৰ বাহিৰ ভাগত স্ক্ৰিণীং কৰে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা৷

    স্ক্ৰিণীঙৰ পিছত ২ খন জিলা দণ্ডাধীশ সকলে বাছ যোগে নিজ নিজ জিলাৰ কোৱাৰাণ্টাইন চেন্টাৰলৈ যাত্ৰী সকলক লৈ যায়৷ মৰিয়নী জংচনত ৰে’লৰ পৰা নমা কোনো যাত্ৰীৰ কভিত সম্পকীয় কোনো লক্ষণ নাই বুলি জানিবলৈ দিয়ে চিকিৎসকৰ তৰফৰ পৰা৷

    মৰিয়নী জংচনত যাত্ৰী সকলক আন দিনাৰ দৰে আজিও মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি আদৰণি জনায়৷ শুক্ৰবাৰে যাত্ৰী সকলৰ বাবে বিধায়ক গৰাকীয়ে একাপ চাহ আৰু শিশু সকলক বাবে শিশু খাদ্যৰ যোগান ধৰিবলৈ অনুৰোধ কৰিছিল চৰকাৰক।বিধায়কগৰাকীৰ অনুৰোধক সহাৰি জনায় আজি জংচনত উপস্থিত হোৱা যাত্ৰী সকলৰ বাবে পানীৰ ব্যৱস্থা কৰে। যাৰ বাবে বিধায়ক গৰাকীয়ে ধন্যবাদ জনায় ৰে’ল বিভাগ আৰু জিলা প্ৰশাসনক৷

    Photo Credit: @sopoonrehmansaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং