25 C
Guwahati
Thursday, October 6, 2022
More

    দিল্লীত কৰ’ণাৰ সন্ত্ৰাস, মৃতদেহৰ বাবে স্থান নোহোৱা হৈছে শ্মশানত

    দিল্লীত প্ৰথমে দুখন শ্মশান আছিল এতিয়া আৰু দুখন বঢ়াই দিয়া হৈছে। শ্মশান প্ৰতিদিনে কৰ'ণা ৰোগীৰ মৃতদেহ লৈ যোৱা হয় আৰু সেই মৃতদেহৰ অন্তিম সংস্কাৰ কৰা হয়

    দিল্লীত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈয়ে আছে। আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে।

    বছৰ বছৰ ধৰি নিগমবোধ ঘাটত অন্তিম সংস্কাৰ কৰা আৰ্চাযই কোৱা অনুসৰি কৰ’ণাৰ বাবে তেওঁৰ সমস্যাসমূহ বাঢ়ি গৈ আছে।

    বিগত ১৫ দিন ধৰি প্ৰতিদিনে ৪০ৰ পৰা ৫০টা মৃতদেহ অন্তিম সংস্কাৰ কৰি আছে নিগমবোধৰ আৰ্চায আৰু তেওঁৰ দলে। পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে তেওঁ এতিয়া ভাগৰি পৰিছে।

    প্ৰতিদিনে মৃতদেহ দেখি দেখি তেওঁ অশান্তিত থাকিবলগীয়া হৈছে।

    তেওঁ ক’লে যে কৰ’ণাৰ ফলত মৃত্যু হোৱা লোকৰ মৃতদেহ যেতিয়া বেছিকৈ আহিব ধৰিলে তেতিয়া চৰকাৰে আৰু ৪খন শ্মশান নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে।

    তেওঁ ক’লে যে আজি পুৱা প্ৰায় ২০ৰ পৰা ২৫জন লোকৰ অন্তিম সংস্কাৰ কৰা হৈছে।

    নিগমবোধ ঘাটৰ অৱস্থা এনেকুৱা হৈ পৰিছে যে যি ৪৮টা প্লেটফৰ্ম আছে, সেইবিলাকো এতিয়া কম হৈ গৈ আছে।

    আৰু ইয়াৰ বাবে নদীৰ কাষত নতুনকৈ ২৫টা স্থানৰ ব্যৱস্থা কৰা হৈছে।

    ৰাজধানী দিল্লীত এফালে কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু আনফালে মৃত্যু হোৱাৰ লোকৰ সংখ্যাও বৃদ্ধি পাই গৈ আছে।

    দিল্লীত প্ৰথমে দুখন শ্মশান আছিল এতিয়া আৰু দুখন বঢ়াই দিয়া হৈছে।

    শ্মশান প্ৰতিদিনে কৰ’ণা ৰোগীৰ মৃতদেহ লৈ যোৱা হয় আৰু সেই মৃতদেহৰ অন্তিম সংস্কাৰ কৰা হয়।

    তাতেও প্ৰায় ৬ ঘণ্টা সময় লগা হৈছে।

    নিগমবোধ ঘাটত অন্তিম সংস্কাৰৰ বাবে প্লেটফৰ্ম আছে প্ৰায় ১০০, ইয়াৰে ৪৮টা প্লেটফৰ্ম কৰ’ণা ৰোগীৰ অন্তিম সংস্কাৰ কৰা হয়।

    প্ৰতিটো প্লেটফৰ্ম ভৰ্তি হৈ গৈছে। এটাৰ পিছত আনটো মৃতদেহ অনা হৈছে।

    Photo credit: aajtak.intoday

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং