30 C
Guwahati
Tuesday, September 27, 2022
More

    এসপ্তাহৰ বাবে দিল্লী বৰ্ডাৰ ছীল, চেলুনৰ লগতে খুলিব বজাৰৰ প্ৰতিখন দোকান, খোলা নাখাব স্পা

    কেজৰিৱালে ক'লে যে শুকুৰবাৰৰ সন্ধিয়া ৫ বজালৈ নিজৰ পৰামৰ্শ ইমেইলঃ [email protected], হোৱাটছ্এপঃ 8800007722, ভইচমেইলঃ 1031 নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে

    মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰে আজিৰে পৰা এসপ্তাহৰ বাবে বন্ধ কৰি দিলে দিল্লীৰ বৰ্ডাৰ। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা ঘোষণা কৰিলে। কিন্তু প্ৰয়োজনীয় সেৱাসমূহৰ বাবে বৰ্ডাৰ খোলা থাকিব। কেজৰিৱালে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে যে দিল্লীৰ বৰ্ডাৰ খোলা হ’ব নে নহয়। শুকুৰবাৰলৈ ৰাইজৰ পৰা এই সন্দৰ্ভত পৰামৰ্শ বিচাৰি আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

    অৰবিন্দ কেজৰিৱালে ক’লে যে বৰ্তমানলৈ দিল্লীত যিমানসমূহ সেৱা পুনৰ আৰম্ভ হৈছিল তাৰ উপৰিও চেলুন খোল খাব কিন্তু বন্ধ থাকিব স্পা। অটো-ৰিক্সাত এজন যাত্ৰীয়ে যাত্ৰা কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে। পূৰ্বে দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনত যাত্ৰা কৰা নিৰ্দেশনাও প্ৰত্যাহাৰ কৰা হৈছে। তেওঁ ক’লে যে, আমি বজাৰসমূহত দোকানসমূহ খুলিবৰ বাবে অড-ইভেন নিয়মৰ পালন কৰি আছিলো কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এনেধৰণৰ কোনো নিয়ম বান্ধি দিয়া নাছিল ইয়াৰ বাবে এতিয়াৰে পৰা সকলো দোকান খুলিব পাৰিব।

    অৰবিন্দ কেজৰিৱালে ক’লে যে দিল্লী চৰকাৰক এটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আপোনালোকৰ পৰামৰ্শ বিচাৰো। দিল্লীৰ বৰ্ডাৰ খুলি দিব লাগে? দিল্লীৰ হাস্পতালসমূহ দেশৰ পৰা অহা প্ৰতিগৰাকী লোকৰ বাবে খুলি দিব লাগে? শুকুৰবাৰলৈ আপোনালোকৰ পৰামৰ্শ হোৱাটছ্এপ, ইমেইল বা ভইচ মেইলৰ জৰিয়তে আমালৈ প্ৰেৰণ কৰিব পাৰে।

    কেজৰিৱালে ক’লে যে শুকুৰবাৰৰ সন্ধিয়া ৫ বজালৈ নিজৰ পৰামৰ্শ ইমেইলঃ [email protected], হোৱাটছ্এপঃ 8800007722, ভইচমেইলঃ 1031 নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। তেওঁ লগতে ক’লে যে যদি আপোনালোকৰ লগত হোৱাটছ্এপ নাই তেন্তে আপুনি ১০৩১ নম্বৰত ফোন কৰিব পাৰে, আপোনালোকৰ পৰামৰ্শ ৰেকৰ্ড কৰা হ’ব।

    Photo credit: financialexpress.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং