15 C
Guwahati
Tuesday, January 25, 2022
More

    আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ হাতলৈ যাব দিল্লী

    ঝাড়ু, পদুম, হাত সমানে বাঢ়িছে আগ

    আজি দেশৰ ৰাজধানী দিল্লীৰ বিধানসভা নিৰ্বাচন। কোনে বহিব শাসনৰ গাদীত, কোনে মাৰিব শেষ হাঁহি, কোনে কিমান লাভ কৰিব আসন, জল্পনা কল্পনাৰ অন্ত নাই। ঝাড়ু, পদুম, হাত সমানে বাঢ়িছে আগ। মুঠ ৭০খন বিধানসভা আসনৰ কাৰণে পুৱা ৮বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ। সন্ধিয়া ৬ বজা পৰ্যন্ত চলিব এই ভোট গ্ৰহণ কাৰ্যসূচী।

    ৰাজধানীখনৰ ২৬,৮৯টা স্থানত মুঠ ১৩,৭৫৭ ভোটকেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। মুঠ ১কোটি ৪৭লাখ ভোটাৰে আজি দিল্লীৰ ভাগ্য নিৰ্ধাৰণ কৰিব।

    এইবাৰ নিৰ্বাচনত মূল যুঁজ আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজতে হৈছে। বিগত বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে ৭০খন আসনৰ ৬৭খনতে জয়ী হৈছিল।

    আজি ভোটগ্ৰহণৰ কাৰণে মেট্ৰ’ সেৱা পুৱা ৪বজাৰ পৰা আৰম্ভ কৰা হৈছে। দিল্লীত ৭৫হাজাৰৰো অধিক সুৰক্ষা বাহিনীৰ সদস্যই ৰাখিছে তীক্ষ্ণ নিৰীক্ষণ। আনহাতে সুৰক্ষাজনিত কাৰণত ভোটগ্ৰহণৰ বাবে ৰাজধানী দিল্লীত ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ সকলো সুৰাৰ দোকান বন্ধ থাকিব।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং