27 C
Guwahati
Wednesday, October 13, 2021
More

    শ্বাহীন বাগতো ভোটদানৰ বাবে দীঘলীয়া শাৰী, ৩ বজালৈ ৪৪.৭৮% ভোটগ্ৰহণ

    জামিয়াৰ শ্বাহীনবাগত বৰ্তমানো ভোটদানৰ বাবে দীঘলীয়া শাৰী। পুৰুষৰ পৰা মহিলালৈ সকলোৱে ভোটদানৰ বাবে ভোটকেন্দ্ৰত উপস্থিত হয়

    চান্দনী চ’ক বিধানসভাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী অলকা লাম্বাই ভিডিঅ’ শ্বেয়াৰ কৰিলে। ভিডিঅ’টোত অলকা লাম্বা আৰু আম আদমী পাৰ্টীৰ প্ৰাৰ্থী প্ৰহ্লাদ চাহনীক দেখা পোৱা গৈছে। অলকাৰ অভিযোগ যে তেওঁক ভোটকেন্দ্ৰৰ ভিতৰত সোমাবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই কিন্তু আম আদমী পাৰ্টীৰ প্ৰাৰ্থীক কোনো বাধা প্ৰদান নকৰাকৈ ভিতৰত সোমাবলৈ দিয়া হৈছে।

    জামিয়াৰ শ্বাহীনবাগত বৰ্তমানো ভোটদানৰ বাবে দীঘলীয়া শাৰী। পুৰুষৰ পৰা মহিলালৈ সকলোৱে ভোটদানৰ বাবে ভোটকেন্দ্ৰত উপস্থিত হয়।

    দুপৰীয়া ৩ বজালৈ দিল্লীৰ ভিন্ন জিলাত ভোটিং- পশ্চিম- ৪৬.৩০%, উত্তৰ-পূবত- ৫০.৭৫%, দক্ষিণ- ৪৪.০০%, চেণ্ট্ৰেল- ৪১.৭৬%, দক্ষিণ-পশ্চিম- ৪৩.২০%, পূবত- ৪৬.৪৬%, উত্তৰ- ৪৬.৬৯%, নতুন দিল্লী- ৪১.২৯%, শ্বাহদৰা- ৪৮.৪১% আৰু দক্ষিণ-পূব- ৪৪.১১%।

    দিল্লীৰ নিউ অশোক নগৰত মহিলাৰ ভোটকেন্দ্ৰৰ বাহিৰত মহিলাৰ দীঘলীয়া শাৰী। দুপৰীয়া ৩ বজালৈ দিল্লীত ৪৫% ভোটগ্ৰহণ।

    Photo credit: aajtak.intoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং