27 C
Guwahati
Monday, October 3, 2022
More

    দিল্লী নিৰ্বাচনঃ ৫ বজালৈ ৫৩% ভোটদান, শ্বাহীন বাগত মহিলাসকলৰ পৃথক-পৃথক শাৰীত ভোটদান

    দিল্লীত প্ৰায় ১.৪৭ কোটি ভোটাৰ আছে আৰু ইয়াৰে প্ৰায় ৬৬ লাখ মহিলা ভোটাৰ। পূৰ্বে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ২০১৫ত। আম আদমী পাৰ্টীয়ে ৭০ৰ ৬৭খন আসনতে জয়ী হৈছিল

    দিল্লী বিধানসভা নিৰ্বাচনত ভোটদান অব্যাহত। শ্বাহীন বাগৰ ভোটকেন্দ্ৰত ভোট দিবলৈ লোকৰ ভিৰ। ১৫ ডিচেম্বৰৰ পৰা CAA আৰু NRCৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত শ্বাহীন বাগত। CAAৰ বিৰুদ্ধে বিৰোধিতা প্ৰদৰ্শনৰ কেন্দ্ৰবিন্দু শ্বাহীনবাগত ৫টা ভোটকেন্দ্ৰ স্থাপন কৰে। প্ৰতিবাদত ভোটিঙৰ প্ৰভাৱ নপৰিবলৈ মহিলাসকলে পৃথক-পৃথকভাৱে ভোটদান কৰিবলৈ উপস্থিত হয়।

    দিল্লীত প্ৰায় ১.৪৭ কোটি ভোটাৰ আছে আৰু ইয়াৰে প্ৰায় ৬৬ লাখ মহিলা ভোটাৰ। পূৰ্বে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ২০১৫ত। আম আদমী পাৰ্টীয়ে ৭০ৰ ৬৭খন আসনতে জয়ী হৈছিল। বিজেপিয়ে দখল কৰিছিল মাত্ৰ ৩খন আসন। এইবাৰ নিৰ্বাচনী যুঁজ হৈছে বিজেপি আৰু আপৰ মাজত। কিন্তু কংগ্ৰেছে কোৱা অনুসৰি এইবাৰ দিল্লীৰ ফলাফলে সকলোকে আচৰিত কৰি তুলিব।

    ভোটদানৰ শতাংশ-
    ৫ বজাত- ৫৩.০২%
    ৪ বজাত- ৪২.২০%
    ৩ বজাত- ৪০.৫%
    ২ বজাত- ২৭.৯২%
    ১ বজাত- ১৭.৩৯%
    ১২ বজাত- ১৫.৪৭%
    ১১ বজাত- ১১%
    ১০ বজাত- ৪.৩৩%

    Photo: businesstoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং