21 C
Guwahati
Sunday, October 24, 2021
More

    ‘কা’ প্ৰতিবাদৰ জুই জ্বলিছে দিল্লীত, মৃতকৰ সংখ্যা ১৯লৈ বৃদ্ধি

    কেইবাঠাইতো সান্ধ্য আইন জাৰি কৰাৰ লগতে দেখিলেই গুলিওৱাৰ নিৰ্দেশ

    অধিক ভয়াবহ হৈ পৰিছে দেশৰ ৰাজধানী দিল্লীৰ পৰিস্থিতি। নিহতৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি। নিশা ন্যায়াধীশৰ বাসগৃহত গুৰুত্বপূৰ্ণ শুনানি। নিশা ১ বজাত ন্যায়াধীশ এছ মুৰুলীধৰৰ বাসগৃহত শুনানি। উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে দিলে শুনানি। আহত হোৱা মুছলমান ব্যক্তিক নিৰাপত্তা দিবলৈ নিৰ্দেশ আৰক্ষীক।

    ৰাজপথত হিংসাৰ দাবানল। উত্তৰ পূৱ দিল্লীত স্থগিত ৰখা হ’ল CBSE পৰীক্ষা। ভয়ানক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে পাঠদান। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে জাৰি কৰিছে এই জাননী।

    আনহাতে বৰ্তমানেও হাস্পতালত আবদ্ধ হৈ আছে বহু আহত লোক। নিউ মুস্তাফাবাদৰ আল হিন্দ হাস্পতালত আবদ্ধ আহত লোক। আবদ্ধ হৈ আছে তিনিজন সাংবাদিক। এম্বুলেন্স আবদ্ধ কৰি ৰাখিছে প্ৰতিবাদকাৰীয়ে।

    হিংসাজৰ্জৰ চিলামপুৰত নিশাই উপস্থিত অজিত ডোভাল। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে পৰিভ্ৰমণ কৰে চিলামপুৰ। পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে শীৰ্ষ আৰক্ষীৰে। ৰেপিড একচন ফ’ৰ্চ আৰু চিআৰপিএফৰ ৩৫ কোম্পানী নিয়োগ।

    মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সন্মুখতো ছাত্ৰৰ প্ৰতিবাদ। জামিয়া বিশ্ববিদ্যালয়, JNUৰ শিক্ষাৰ্থীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ পানী হিলৈ নিক্ষেপ। আনহাতে এমাহৰ বাবে জাৰি কৰা হৈছে ১৪৪ধাৰা। কেইবাঠাইতো সান্ধ্য আইন জাৰি কৰাৰ লগতে দেখিলেই গুলিওৱাৰ নিৰ্দেশ।

    Photo credit: @twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং