27 C
Guwahati
Monday, October 3, 2022
More

    ২৬ সংখ্যক ক্ৰীষ্টল এৱাৰ্ডঃ মেণ্টেল হেল্থ এৱাৰনেছৰ বাবে এই সন্মান লাভ দীপিকা পাডুকনৰ

    দীপিকাই লগতে ক'লে যে ১১খন চহৰৰ স্কুলসমূহত ইয়াৰ জৰিয়তে এৱাৰনেছ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। মানসিক স্বাস্থ্যৰ বাবে দেশজুৰি ইয়াৰ অভিযান আৰম্ভ কৰা হৈছে

    ৱৰ্ল্ড ইক’নমিক ফৰামৰ দ্বাৰা ২৬ সংখ্যক ক্ৰীষ্টল এৱাৰ্ডত সন্মানিত কৰা হ’ল অভিনেত্ৰী দীপিকা পাডুকনক। মেণ্টেল হেল্থ এৱাৰনেছৰ বাবে তেওঁক এই এৱাৰ্ড প্ৰদান কৰা হ’ল। ছুইজাৰলেণ্ডৰ দেৱছত অনুষ্ঠিত হোৱা এই সমাৰোহত এই এৱাৰ্ড অৰ্জন কৰা দীপিকা একমাত্ৰ ভাৰতীয় অভিনেত্ৰী।

    দেৱছত অনুষ্ঠিত হোৱা এই সমাৰোহত দীপিকাই ক’লে- ‘এই এৱাৰ্ডটো মোৰ কাৰণে বহুত ডাঙৰ হয়। যেতিয়া মই এই সন্মান গ্ৰহণ কৰি আছো সেই সময়তো কাৰোবাৰ পিতৃ, ভাতৃ, সহযোগী, মা বা বন্ধুৱে ছুইচাইড কৰি নিজৰ প্ৰাণ হেৰুৱাইছে হয়টো। প্ৰতি ৪০ ছেকেণ্ডত পৃথিৱীৰ যিকোনো এটা কোণত কোনোবা নহয় কোনোবা এজন লোকে হতাশাত ভুগি ছুইচাইড দৰে চৰম পথ বাছি লয়। আৰু গ্ল’বেল ইক’নমিত প্ৰায় ১ ট্ৰিলিয়ন ডলাৰ ২০১৪ৰ ১৫ ফেব্ৰুৱাৰীত মই নিজে হতাশাগ্ৰস্ত হৈছিলো।

    মই সদায় কান্দিছিলো। প্ৰতিদিনে পুৱৈ মই এইটো কথাকে ভাবিছিলো যে মোৰ একো নাই। এনজাইটী আৰু ডিপ্ৰেছন অন্য ৰোগৰ নিচিনাই হয়। সচেতনতা হ্ৰাস পোৱাৰ বাবে মোৰ এই অৱস্থা হৈছিল, ইয়াৰ পিছত মই ভাবিলো মই এনেকুৱা কাম কৰিম যিটোৰ দ্বাৰা মই এজনৰ হ’লেও প্ৰাণৰক্ষা কৰিব পাৰো। Live Love and Laugh Foundationৰ জৰিয়তে অন্য লোকে এইসমূহ সমস্যাৰ পৰা মুক্তি লাভ কৰে।

    দীপিকাই লগতে ক’লে যে ১১খন চহৰৰ স্কুলসমূহত ইয়াৰ জৰিয়তে এৱাৰনেছ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। মানসিক স্বাস্থ্যৰ বাবে দেশজুৰি ইয়াৰ অভিযান আৰম্ভ কৰা হৈছে। দীপিকাই দিয়া ভাষণত মাৰ্টিন লুথাৰ কিঙৰ বিচাৰ শ্বেয়াৰ কৰি ক’লে- এইখন পৃথিৱীত যি যি সংঘটিত হয় সেয়া আশাৰ বাবেহে সম্ভৱ। দীপিকাই এৱাৰ্ডৰ সৈতে নিজৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে।

    View this post on Instagram

    GRATITUDE!?? #crystalaward2020 #wef2020 @tlllfoundation

    A post shared by Malti (@deepikapadukone) on

    Photo credit: google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং