28 C
Guwahati
Monday, September 26, 2022
More

    লখিমপুৰত ডকাইতি কাণ্ড, ৯ লাখ টকা লুটি লৈ গ’ল ডকাইতে

    ১০ জনীয়া দলটোৰ ৬ জন ডকাইত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি পৰিয়ালটোৰ ৪ জন সদস্যক মুখত সোপা দি সংঘটিত কৰে এই ডকাইতিৰ ঘটনা।

    লখিমপুৰ নগৰৰ সমীপৰ চিনাতলীয়াত বুধবাৰে নিশা ডকাইতে লুটপাত চলালে এগৰাকী ব্যৱসায়ীৰ ঘৰত। প্ৰায় ১০ জনীয়া ডকাইতৰ দল এটাই ঘৰত প্ৰৱেশ কৰি ব্যৱসায়ী অৰুণ দত্তক আক্ৰমণ কৰাৰ লগতে লুটি লৈ যায় ৯ লাখ টকাসহ সোনৰ অলংকাৰ। লগতে ডকাইতৰ দলটোৱে লণ্ডভণ্ড কৰে ঘৰৰ সা-সামগ্ৰী।

    ১০ জনীয়া দলটোৰ ৬ জন ডকাইত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি পৰিয়ালটোৰ ৪ জন সদস্যক মুখত সোপা দি সংঘটিত কৰে এই ডকাইতিৰ ঘটনা। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

    আনহাতে ডকাইতৰ আক্ৰমণৰ বলি হোৱা ব্যৱসায়ী অৰুণ দত্ত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং