সঞ্জয় ৰাজোৱাৰ নামৰ এই দুৰ্বৃত্তটোৱে বাগিচাখনত সংঘটিত হোৱা ঘটনাত নিহত দেৱেন দত্তৰ ভৰিত কাচেৰে আক্ৰমণ কৰাৰ বাবে যথেষ্ট পৰিমাণে ৰক্তক্ষণ হৈছিল। যাৰ ফলত যোৰহাট চিকিৎসালয় পোৱাৰ পূৰ্বে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল চিকিৎসকজনে।
ঘটনা সন্দৰ্ভত সঞ্জয় ৰাজোৱাৰক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে ৩১ আগষ্টত টীয়ক চাহ বাগিচাত উন্মাদ শ্ৰমিকে নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল চিকিৎসক দেৱেন দত্তক।