17.2 C
Guwahati
Saturday, December 3, 2022
More

    CAA সন্দৰ্ভত আজি ইউৰোপৰ সংসদত চলিব বিতৰ্ক, কাইলৈ হ’ব ভোটগ্ৰহণ

    ইয়াৰোপৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

    আজি ইউৰোপীয় সংসদত নাগৰিকত্ব সংশোধনী আইনক লৈ হ’ব বিতৰ্ক। বিতৰ্কৰ পিছত বৃহস্পতিবাৰে ইয়াৰ ওপৰত হ’ব ভোটগ্ৰহণ। ইউৰোপীয় সংসদৰ তৰফৰ পৰা CAAৰ বিৰুদ্ধে প্ৰস্তাৱ অনা হৈছে। ভাৰতে প্ৰস্তাৱ সন্দৰ্ভত কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভাৰতে ইউৰোপীয় সংঘক ক’লে যে এয়া আমাৰ আভ্যন্তৰীণ বিষয়। এই আইনখন সংসদত ৰাজহুৱা বিতৰ্কৰ পিছত উচিত প্ৰক্ৰিয়া আৰু গণতান্ত্রিক মাধ্যমৰ দ্বাৰা আঁকোৱালি লোৱা হৈছে।

    ইয়াৰোপৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ওম বিৰলাই ইউৰোপীয় সংসদৰ অধ্যক্ষক ক’লে যে এটা বিধান মণ্ডলে আনটো বিধান মণ্ডলক লৈ সিদ্ধান্ত প্ৰদান কৰাটো অনুচিত।

    Photo credit: dailypioneer.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং