27 C
Guwahati
Monday, November 29, 2021
More

    দেৱাশিস হত্যাকাণ্ড: হত্যা নে দুৰ্ঘটনা! কোন সঁচা কোন মিছা?

    এতিয়া লক্ষণীয় হ'ব দেৱাশিস হত্যাকাণ্ড টোৱে কি ৰূপ পায় নে দেৱন দত্ত, অভি-নীল হত্যাকাণ্ড বা সনাতন ডেকা হত্যা কাণ্ডৰ দৰে এই ঘটনাও দুদিনৰ পিছতে তল পৰি যাব

    গাভৰু চাহ বাগিচাৰ গণ হত্যাৰ বলি হোৱা দেৱাশিস হত্যাকাণ্ড হত্যা নে দুৰ্ঘটনা! কোনে এই ধটনাক দূৰ্ঘটনাৰ ৰূপ দিব চেষ্টা কৰি আছে?

    কি হৈছিল সেই দিনটোত, যিটো দিনত মানৱতা হেৰাই গৈছিল কিছু লোকৰ হৃদয়ৰ পৰা? কাৰ কি লাভ লুকাই আছে সেই ঘটনাত? কেনেকৈ সংঘটিত হ’ব পালে অভি-নীল ঘটনাৰ পূনৰাবৃত্তিৰে দেৱাশিস হত্যাকাণ্ড?

    অভি-নীলৰ দৰেই প্ৰকৃতি ভালপোৱা যুৱক। কিন্তু কিছুমানে বুজি নাপালে সেই প্ৰকৃতি প্ৰেমৰ কথা। যাৰ বাবেই শেষ হৈ গ’ল দেৱাশিসৰো জীৱন।

    https://www.time8.in/debasish-murder-case-local-people-protest-at-dhodar-ali/

    কি হৈছিল সেই দিনটোত?

    ২৯ মে’ৰ সন্ধিয়া মৰিয়নীৰ গাভৰু চাহ বাগিচাৰ আঠাইশ শিললৈ গৈছিল নকছাৰিৰ পৰা এটা যুৱকৰ দল। যিটো দলত আছিল দেৱাশিস গগৈয়ো।

    কিন্তু যোৱাৰ সময়ত গাভৰু চাহ বাগিচাৰ চকিদাৰ দীপক চাওঁৰাৰ সৈতে এখন খণ্ড যুদ্ধত লিপ্ত হয় দলটো।

    প্ৰাপ্ত তথ্য মতে যুৱকৰ দলটোক চকিদাৰে আঠাইশ শিললৈ যোৱাত বাধা আৰোপ কৰি অশ্লীল গালি গালাজ কৰিছিল। তাৰ পৰা আৰম্ভণি হৈছিল কাজিয়াৰ।

    কিন্তু সেই কাজিয়া সিমানতে অন্ত পৰিছিল বাগিচাৰ পৰিচালকৰ উপস্থিতিত।

    পিছে যুৱকৰ দলটোৱে ঘৰমূৱা হোৱাৰ সময়তে কিছু নিলগৰ গাভৰু চাহ বাগিচাৰ কল ঘৰৰ সন্মুখত যুৱকৰ দলটোৰ এটা দূৰ্ঘটনা সংঘটিত হয়।

    জানিবলৈ পোৱা অনুসৰি দূৰ্ঘটনাটোত বাগিচাৰ দুগৰাকী মহিলা আঘাতপ্ৰাপ্ত হয়।

    দুৰ্ঘটনাৰ সময়ত দেৱাশিসৰ লগত থকা আদিত্য দাসে জানিবলৈ দিয়া মতে তেওঁলোক সেই স্থান পোৱা মাত্ৰকে আগৰে পৰা ৰৈ থকা এটা যুৱকৰ দল জপিয়াই পৰে তেওঁলোকৰ ওপৰত। আৰু উপৰ্যুপৰি প্ৰহাৰ কৰে দুয়োকে।

    দুয়ো যুৱকৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণৰ খবৰ পোৱা মাত্ৰকে দেৱাশিসৰ পিতৃ, ভগ্নী আৰু দুগৰাকী লোকে যুৱক দুগৰাকীক বচাবলৈ গৈছিল।

    কিন্তু এদল নৰপিষাচে তেওঁলোকক বাহনৰ পৰা নামিব নিদি ওলোটাই দেৱাশিসক নিৰ্বিচাৰে মাৰপিট কৰি হত্যাৰ চেষ্টাহে চলাই যায়।

    কিছু সময়ৰ ভিতৰতে পৰিয়ালৰ লোকে দেৱাশিসক কোনোমতে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। কিন্তু দেৱাশিসে জীৱনৰ ওচৰত হাৰ মানি ৩০ মে’ৰ সন্ধিয়া প্ৰাণ ত্যাগ কৰে।

    কিমান সফল আৰক্ষী?

    পিতৃৰ এজাহাৰ ভিত্তিত আৰক্ষীৰ তদন্তত বৰ্তমানে মুঠ ১১ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

    https://www.time8.in/debasish-murder-case-7-accused-sent-to-jorhat-central-jail/

    লক্ষ্যণীয় কথাটো হ’ল বৰ্তমানে দুগৰাকী ৰাজনৈতিক নেতাৰ নেতৃত্বত এটা জনজাতিক প্ৰতিনিধিত্ব কৰা ২ টা অ-ৰাজনৈতিক ছাত্ৰ সংগঠনৰ নেতা কৰ্মীয়ে এই ঘটনাক দূৰ্ঘটনা আখ্যা দিবলৈ অপ্ৰাণ চেষ্টা চলায় আছে৷

    তেওঁলোকৰ মতে বিভিন্ন সামাজিক মাধ্যমত জাতীয় সংগঠনৰ কৰ্মীয়ে এয়া অপপ্ৰচাৰ চলাই আছে গাভৰুৰ ৰাইজৰ বিৰুদ্ধে।

    নেতাৰ ভাষ্য অনুসৰি দেৱাশিসৰ পিতৃ, ভগ্নী আৰু দুগৰাকী লোক তাত উপস্থিত হোৱাৰ পাছতো দেৱাশিসক উদ্ধাৰ কৰা নাছিল। স্থানীয় লোকেহে গাড়ীত উঠাই চিকিৎসালয়লৈ পঠিয়াইছিল।

    আনহাতে সংবাদ মাধ্যমৰ লোকে এই ঘটনাটো অতিৰঞ্জিত কৰি গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে বুলি প্ৰকাশ কৰিছে৷

    তেওঁলোকে সামাজিক মাধ্যমৰ আগত দাঙি ধৰা ভাষ্য অনুসৰি ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত ছাত্ৰ সংগঠন কেইটাৰ নেতা কৰ্মী উপস্থিত আছিল।

    এতিয়া লক্ষণীয় হ’ব দেৱাশিস হত্যাকাণ্ড টোৱে কি ৰূপ পায়! নে দেৱন দত্ত, অভি-নীল হত্যাকাণ্ড বা সনাতন ডেকা হত্যা কাণ্ডৰ দৰে এই ঘটনাও দুদিনৰ পিছতে তল পৰি যাব! ন্যায় পাবনে পৰিয়ালৰ লোকে!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং