26 C
Guwahati
Thursday, June 30, 2022
More

    দেৱাশিস হত্যাকাণ্ড: ধোদৰআলী অৱৰোধ কৰি প্ৰতিবাদ স্থানীয় নিবাসীৰ লগতে স্বতঃস্ফূৰ্তভাৱে বন্ধ দোকান পোহাৰ

    স্বতঃস্ফূৰ্ত ভাবে বন্ধ নকচাৰীৰ দোকান পোহাৰ

    মৰিয়নীৰ নকছাৰিত উতপ্ত পৰিস্থিতি৷ গাভৰু পৰ্বতত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ প্ৰতিবাদ। মৰিয়নী নকছাৰিৰ দেৱাশিস গগৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ হত্যাৰ বলি হোৱা যুৱকৰ ন্যায়ৰ দাবীত মৰিয়নী নকছাৰিত প্ৰতিবাদ।

    ঐতিহাসিক ধোদৰআলী অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে নকছাৰিৰ স্থানীয় লোকে৷ পৰৱৰ্তী সময়ত যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ উল্লেখ্য যে, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব যোৱাই কাল হৈ নামিছিল দেৱাশিসৰ জীৱনলৈ। একাংশই মৰিয়াই মৰিয়াই হত্যা কৰিছিল দেৱাশিস গগৈক।

    আনহাতে কিছু সময় পূৰ্ৱে দেৱাশিস গগৈৰ মৃতদেহ উপস্থিত হয় নিজ বাসগৃহত। মৃতদেহ অনাৰ পিছতে শোকাকুল পৰিৱেশ বিৰাজ কৰে সমগ্ৰ অঞ্চলতোত৷ লগতে মৰিয়নী গাভৰু আঠাইশ শিলত হোৱা ভয়ংকৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়িক দণ্ডাধীষৰ দ্বাৰা কৰোৱাৰ দাবী কৰে চৰকাৰ প্ৰশাসনক৷

    Photo Credit: @sopoonrehmansaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং