27 C
Guwahati
Monday, November 29, 2021
More

    দেৱাশিষক হত্যাৰ অভিযোগত ইতিমধ্যে ১১জনক আটক; আজি ৭ অভিযুক্তক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ

    আনহাতে ধৃত ৰাধেশ্যাম কুৰ্মী, অশোক তাছা আৰু শচিন তাছাক ন্যায়লয়ে ৩দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে

    মৰিয়নীৰ গাভৰু চাহ-বাগিচাত গণ হত্যাৰ বলি হোৱা দেৱাশিষ গগৈৰ হত্যাৰ লগত জড়িত মুঠ ১১জন অভিযুক্তক আৰক্ষীয়ে আটক কৰে৷ আটাইকেইজন অভিযুক্তৰ ভিতৰত আজি ৭ অভিযুক্তক আৰক্ষীয়ে তিতাবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাই যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। মৰিয়নী গণপ্ৰহাৰৰ লগত জড়িত অভিযুক্তৰ নাম ক্ৰমে সুনিল চবৰ, ৰাজেন চাওৰা, ৰমেশ চবৰ, পিণ্টু নায়ক, ভাইকন বৰা, দীপক চাঁওৰা আৰু বিকাশ তাছা।

    আনহাতে ধৃত ৰাধেশ্যাম কুৰ্মী, অশোক তাছা আৰু শচিন তাছাক ন্যায়লয়ে ৩দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে ৷ ইায়াৰ লগতে গাভৰু চাহ-বাগিচাৰ ঘটনাক সামাজিক মাধ্যমত প্ৰৰোচনামূলক পোষ্ট দিয়া নাগিনীজান চাহ-বাগিচাৰ দীপজ্যোতি নায়ক (নিতেশ) নামৰ যুৱকজনক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে ৷

    গাভৰু চাহ-বাগিচাৰ গণ হত্যাৰ ঘটনাত জড়িত অভিযুক্তক কৰায়ত্ত কৰিবলৈ মৰিয়নী চক্ৰ আৰক্ষী বিষয়া ৰাজেন বৰা আৰু তিতাবৰ মহকুমা আৰক্ষী বিষয়া অৰ্মীত হোজাই নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ৩ নিশা অভিযান চলাই এই ১১টা অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়, যদিও এইপৰ্যন্ত ঘটনাৰ লগত জড়িত আৰু বহু হত্যাকাৰী মুকলি আকাশৰ তলতে আছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং