দেশ জোকাৰি যোৱা মৰিয়নী গাভৰুত গণপ্ৰহাৰ আৰু হত্যাকাণ্ডৰ বলি হোৱা দেৱাশিষ গগৈৰ হৈ ন্যায় বিচাৰি এতিয়া ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ। হত্যাকাৰীক আটক কৰাৰ বাবে সকলোফালেই প্ৰাৰ্থনা। আৰক্ষীয়েও তীব্ৰতৰ কৰিছে অভিযান। পিছে নাই কোনো হত্যাকাৰীৰ সঠিক প্ৰমাণ।

তথাপি সেই হত্যাকাণ্ডতেই জড়িত থকাৰ সন্দেহত আৰু চাৰিজন লোকক আটক মৰিয়নী আৰক্ষীৰ। ধৃত ব্যক্তি কেইজন ক্ৰমে পিণ্টু নায়ক, ভাইকন বৰা, ৰমেশ চবৰ আৰু দিপক চবৰ। এই পৰ্যন্ত সাত জন লোকক আৰক্ষীয়ে আটক কৰিছে।
চচিয়েল মেডিয়াত আপত্তিজনক মন্তব্য দিয়া নিতেশ নায়ক নামৰ নাগিনিজানৰ এজন যুৱককো আটক আৰক্ষীৰ। ঘটনা সন্দৰ্ভত ঘটনাৰ লগত জড়িত লোক সকলৰ সন্ধানত আৰক্ষীয়ে অভিযান বৰ্তমানেও অব্যাহত ৰাখিছে।
Photo Credit: @sopoonrehmansaikia