27 C
Guwahati
Monday, November 29, 2021
More

    ডিটেনচন কেম্প নাই বুলি আসৈ মাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েঃ দেৱব্ৰত শইকীয়া

    ৰাজ্যত এতিয়া চৰকাৰে যি মন যায় তাকে কৰিছে। আমাৰ ল'ৰাবোৰক সৰু সৰু কথাত ৰাষ্ট্ৰদোহৰ গোচৰ জাপি গ্ৰেপ্তাৰ কৰিছে বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই

    দেশত ডিটেনচন কেম্প নাই বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জনসভাৰ ভাষণত কোৱা মন্তব্যৰ পিছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ‘ডিটেনচন কেম্প নাই বুলি আসৈ মাতিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ১৯৯৮ চনত কেন্দ্ৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰে ডিটেনচন কেম্প স্থাপন কৰিছিল। এতিয়াও প্ৰায় ৯০০ মানুহ কেম্পত আছে।’- নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্য সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

    ‘মাটিয়াত ৩ হাজাৰ বন্দী ৰাখিব পৰা কেম্পৰ নিৰ্মাণ কাৰ্য চলি আছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া মূল প্ৰশ্নৰ পৰা ফালৰি কাটিব বিচাৰিছে। ডিটেনচন কেম্প নাপাতিলে পূঁজি মুকলি কেন্দ্ৰই নকৰে। NPRৰ জৰিয়তে দেশত বিজেপি চৰকাৰে ভাতৃঘাটি সংঘৰ্ষ লগাব বিচাৰিছে। এনে কাম এতিয়া অপ্ৰয়োজনীয়। NPRৰ যোগেদি অসম চুক্তিক উলংঘা কৰাৰ ষড়যন্ত্ৰ।’- সংবাদমাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে বিৰোধী দলৰ দলপতি শইকীয়াই।

    ৰাজ্যত এতিয়া চৰকাৰে যি মন যায় তাকে কৰিছে। আমাৰ ল’ৰাবোৰক সৰু সৰু কথাত ৰাষ্ট্ৰদোহৰ গোচৰ জাপি গ্ৰেপ্তাৰ কৰিছে বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই।

    Photo:Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং