26 C
Guwahati
Saturday, November 27, 2021
More

    লকডাউন ৰাইজৰ ওপৰত অত্যাচাৰ: দেৱব্ৰত শইকীয়া

    কৰ'ণাক লৈ আৰু লকডাউন লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰা বুলি অভিযোগ লগতে চৰকাৰে পৰিকল্পনাহীন ভাৱে সকলো কৰা বুলিও মন্তব্য শইকীয়াৰ

    লকডাউন ৰাইজৰ ওপৰত অত্যাচাৰ। এই বিস্ফোৰক মন্তব্য অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

    আজি নলবাৰীৰ কঠোৰাত প্ৰবীণ কংগ্ৰেছী ৰমেশ পাটোৱাৰীক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাবলৈ আয়োজিত এক অনুষ্ঠানত অংশ লৈ সাংবাদিকৰে মুখামুখি হৈ এই মন্তব্য আগবঢ়াই শইকীয়াই।

    তেওঁ আৰু কৰ’ণাক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰা বুলি অভিযোগ কৰি চৰকাৰে পৰিকল্পনাহীন ভাৱে সকলো কৰা বুলি কয়।

    আনহাতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰাইণ্টাইন হ’ব লাগে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিৰোধী দলপতি গৰাকীয়ে কোৱাৰাইণ্টাইন ন’হবলৈ কি কৰিব লাগে সেইটো হিমন্ত বিশ্বই ভাল দৰে জানে বুলি দোহাৰে।

    বিৰোধী দলপতিগৰাকীয়ে সাংসদ গৌৰৱ গগৈ মণিপুৰত কোৱাৰাইণ্টাইন হৈ থকা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

    উল্লেখ্য যে প্ৰবীণ কংগ্ৰেছী ৰমেশ পাটোৱাৰীক ৰাজহুৱা সম্বৰ্ধনা জনাবলৈ তেওঁৰ কঠোৰাস্থিত বাসগৃহত আয়োজিত সভাত বিৰোধী দলপতি গৰাকীক সংগ দিয়ে কংগ্ৰেছ নেতা প্ৰদ্যুত ভূঞা আৰু ৰাতুল পাটোৱাৰীয়ে।

    Photo Credit: @hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং