23 C
Guwahati
Sunday, March 19, 2023
More

    কৰ’ণা ভাইৰাছঃ বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, প্ৰায় ৩ হাজাৰ লোকৰ প্ৰাণহানি

    নেছনেল হেল্থ কমিছন অনুসৰি এই ভাইৰাছৰ মুখ্য কেন্দ্ৰবিন্দু হ'ল হুবেই। ৪৫ গৰাকী হুবেইত, বিজিঙত আৰু হেনানত এজন এজন লোকৰ মৃত্যু হয়

    চীনত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ আৰু ৪৭ জন লোকে হেৰুৱালে প্ৰাণ আৰু ইয়াৰ লগতে এই প্ৰকোপৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পালে ২,৮৩৫লৈ। চীনৰ নেছনেল হেল্থ কমিছনৰ স্বাস্থ্য বিষয়াই শনিবাৰে সৱিশেষ জনাই ক’লে যে শুকুৰবাৰে কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ৪২৭টা নতুন ঘটনা পোহৰলৈ আহে আৰু ইয়াৰ বাবে ৪৭ গৰাকী লোকৰ মৃত্যুৰো তথ্য লাভ হয়।

    নেছনেল হেল্থ কমিছন অনুসৰি এই ভাইৰাছৰ মুখ্য কেন্দ্ৰবিন্দু হ’ল হুবেই। ৪৫ গৰাকী হুবেইত, বিজিঙত আৰু হেনানত এজন এজন লোকৰ মৃত্যু হয়। কমিছনে ক’লে যে শুকুৰবাৰে ২৪৮টা নতুন সন্দেহজনক ঘটনা পোহৰলৈ আহে।

    শুকুৰবাৰে ২,৮৮৫ গৰাকী লোকক ৰিলিজ কৰি দিয়া হয়। ১,৪১৮ গৰাকী লোক এতিয়াও এই ভাইৰাছত সংক্ৰমিত হোৱাৰ সন্দেহ। সুস্থ হোৱাৰ পিছত বৰ্তমানলৈ মুঠ ৩৯,০০২ গৰাকী লোকক হাস্পতালৰ পৰা যাবলৈ দিয়া হয়।

    Photo credit: sakaltimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং