17 C
Guwahati
Friday, December 3, 2021
More

    দৰমহাও নাপায়, আৰক্ষীও নহয় কিন্তু দিনে-নিশাই ডিব্ৰুগড়ৰ ট্ৰাফিক নিয়ন্ত্ৰণ এজন মুকবধিৰ লোকৰ

    কোনো দিনেই অসম আৰক্ষীত নিযুক্তি লাভ কৰা নাই লোকজন। ট্ৰাফিক নিয়ন্ত্ৰণ কৰাৰ বাবদ নাপাই এপইচাও। শৃংখলাবদ্ধতাৰে ৰাজপথত নিয়ন্ত্ৰণ কৰে যান-জঁট

    খাকী পোছাক পিন্ধি আৰক্ষীৰ দায়িত্ব পালন কৰা এজন মুকবধিৰ লোক। লোকজন আৰক্ষী নহয় যদিও দিনে-নিশাই সমগ্ৰ ডিব্ৰুগড়ৰ ট্ৰাফিক নিয়ন্ত্ৰণ কৰে ।

    কোনো দিনেই অসম আৰক্ষীত নিযুক্তি লাভ কৰা নাই লোকজন। ট্ৰাফিক নিয়ন্ত্ৰণ কৰাৰ বাবদ নাপাই এপইচাও।

    কিন্তু প্ৰতি দিনেই তেওঁ খাকী পোচাকজোৰ পিন্ধি ওলাই আহে আৰু লাগি যায় নিজৰ কৰ্তব্যত।

    লোকজনে কথা কবও নোৱাৰে, শুনিবও নোৱাৰে কিন্তু ট্ৰাফিক পইণ্টত থিয় হৈ চিগনেল দি, হুইছেল বজোৱাই নিয়ন্ত্ৰণ কৰে যান-বাহন।

    শৃংখলাবদ্ধতাৰে ৰাজপথত নিয়ন্ত্ৰণ কৰে যান-জঁট।

    উত্সৱৰ সময়ত তেওঁক অধিক সক্ৰিয় ৰূপত দেখা পোৱা যায়। ডিব্ৰুগড়ৰ নালিয়াপুলৰ বাসিন্দা এই বিশেষ লোকজনৰ নাম হ’ল চেন মেক নায়ৰ।

    ডিব্ৰুগড় আৰক্ষীৰ জ্যেষ্ঠ সকলো বিষয়াই লোকজনক চিনি নাপালেও, ডিব্ৰুগড় চহৰলৈ ওলাই অহা স্কুল-কলেজৰ শিক্ষাৰ্থীৰ পৰা জ্যেষ্ঠ জনলৈ প্ৰায় সকলোৰে চিনাকী মুখ এই লোকজনৰ।

    এজন স্থানীয় লোকে জনোৱা অনুসৰি প্ৰায় এটা যুগ ধৰি এই লোকজনে নিয়ন্ত্ৰণ কৰি আছে সমগ্ৰ ডিব্ৰুগড়ৰ ট্ৰাফিক।

    ৰ’দেই হওক বা বৰষুণেই হওক কৰি যায় নিজৰ কৰ্তব্য।

    অসম আৰক্ষীৰ এজন সক্ৰিয় আৰু নিষ্ঠাৱান চাকৰিয়ালৰ দৰেই চহৰখনৰ ব্যস্ত ৰাজপথত ট্ৰাফিক নিয়ন্ত্ৰণ কৰি থকা দেখা যায়।

    কিয় ইমান নিষ্ঠা আৰক্ষীৰ প্ৰতি?

    জন্মগতভাৱেই মুকবধিৰ লোকজনে আৰক্ষীক ভাল পাই, আৰক্ষীৰ কৰ্মৰ ওপৰত নিষ্ঠা থকা হেতুকে নিজ পৰিয়ালৰ কথাও আওকাণ কৰি এইদৰে সেৱা আগবঢ়াই গৈ আছে প্ৰতিদিনে।

    লগতে লোকজনৰ পত্নীয়েও কথা ক’বও নোৱাৰে আৰু শুনিবও নোৱাৰে। অৰ্থনৈতিক অনাটনৰ বাবে এইজন লোকজনৰ জ্যেষ্ঠ কন্যাই দশম শ্ৰেণীতে সামৰিব লগা হৈছিল শিক্ষা জীৱন।

    ষষ্ঠ শ্ৰেণীত পঢ়ি থকা কনিষ্ঠ কন্যাৰ শিক্ষাৰ বাবে ডিব্ৰুগড়ৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ দুই এজনে সামৰ্থ্য অনুযায়ী আগবঢ়াই সাহাৰ্য।

    কেমেৰাৰ সন্মুখত বহু কথাই কবলৈ প্ৰৱল ইচ্ছা আছিল লোকজনৰ কিন্তুু মুকবধিৰ হোৱা বাব ক’ব নোৱাৰিলে মনৰ বহু কথা।

    আনহােত সংবাদ মাধ্যমৰ আগত ডিব্ৰুগড়ৰ এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি প্ৰায় ৩ মাহ ধৰি হোমগাৰ্ডৰ কামত নিয়োজিত কৰা হৈছে লোকজনক।

    বেতনো প্ৰদান কৰা হৈছে লোকজনক। শেহতীয়াকৈ ডিব্ৰুগড়ৰ আৰক্ষীয়ে লোকজনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

    কৰ’ণা মহামাৰীৰ সময়ত কৰ’ণা যোদ্ধা হিচাপে নিজৰ কৰ্তব্য পালন কৰা এইজন লোকলৈ TIME8ৰ ফালৰ পৰা ছ্যেলুট।

    Photo crdit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং