25 C
Guwahati
Thursday, October 6, 2022
More

    গোলাঘাটত গছত ওলমি থকা অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    দিন হাজিৰা কৰা লোকজন শনিবাৰে পুৱা কামলৈ ওলাই গৈছিল আৰু নিশা ঘৰলৈ ওভতি অহা নাছিল

    গোলাঘাটৰ মুৰফুলনী ৫ নং থুৰাজানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পথাৰৰ মাজত থকা এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো অভয়জানৰ বাসিন্দা বিষ্ণু ভূয়াৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দিন হাজিৰা কৰা ভূয়াই শনিবাৰে পুৱা কামলৈ ওলাই গৈছিল আৰু নিশা ঘৰলৈ ওভতি অহা নাছিল আৰু আজি পুৱা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় বিষ্ণু ভূয়াৰ মৃতদেহ।

    বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। ৰহস্যঘন হৈ উঠা এই ঘটনাক একাংশই আত্মহত্যা বুলি সন্দেহ কৰিছে যদিও আৰক্ষীৰ প্ৰকৃত অনুসন্ধানতহে পোহৰলৈ আহিব ঘটনাৰ আচল কাৰণ।

    Photo:@rajibkarmakar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং