বন্ধুত্ব কিমান বিস্বাসী। কিমান বিশ্বাসত লব পাৰে আপোনাৰ বন্ধু বা বান্ধৱীক। পিছে অতি বিশ্বাসী বান্ধৱীয়েই দিলে ৰাম ঠগন। সৰকাই লৈ গ’ল ৮০ লাখ টকা।
তাকো অতি কৌশলৰ চুৰি। ৪ টা বছৰে ধৰি কোনো সন্দেহ নহোৱাকৈ অলপ অলপ কৈ সৰকাই লৈ গ’ল বৃহৎ ধনৰাশি।
চুৰি কৰা ধনেৰে চোৰ বান্ধৱীয়ে নিজ দুই ভাতৃক ফ্লেট কিনি দিয়াৰ লগতে নিজেও বহুত গহণা গঢ়াই লয়।
এই ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীত। দিল্লীৰ হেজকাজী স্থিত বজাৰ সীতাৰামৰ এখন ঘৰত এই ঘটনা।
ঘটনা অনুসৰি ঘৰত পুত্ৰৰ সৈতে অকলশৰীয়া কৈ থকা এগৰাকী মহিলাৰ পৰা টকা সৰকাই নিয়ে তেওঁৰেই পুত্ৰীৰ ভাল বান্ধৱী তথা চুবুৰীয়াই।
ভুক্তভোগী মহিলাগৰাকীৰ নাম পুষ্পা গোয়ল। মহিলাগৰাকীয়ে হাৰায়ানাৰ কুৰুক্ষেত্ৰত থকা নিজৰ এক ভুমি বিক্ৰী কৰি ৮০ লাখ টকা পাইছিল।
সেই টকা খিনি লৈ আহি দিল্লীৰ বাসভৱনতেই এটা বাকচত ভৰাই ৰাখে।
পিছে জীয়ৰীৰ বান্ধৱীয়ে কথাই কথাই এই টকা ঘৰত ৰখা কথাটোৰ বিষয়ে জানিব পাৰে।
টকা ঘৰত থকাৰ কথা জনাৰ পিছৰে পৰাই বান্ধৱীয়ে সঘনাই বিভিন্ন চেলু লৈ আহিব ধৰে ভুক্তভোগীৰ ঘৰলৈ।
যি সময়ত পুত্ৰ ঘৰত নাথাকে আৰু মহিলা গৰাকী পাকঘৰ বা তেনে ধৰণৰ কোনো কামত ব্যস্ত থাকে সেই সময়তেই সুবিধা বুজি বান্ধৱী আহি ওলাই ঘৰ।
আৰু ভুক্তভোগীৰ অলক্ষিতে টকা বিচাৰ কাৰ্য আৰম্ভ কৰে।
তেনেদৰেই এদিন এক বাকচত উদ্ধাৰ কৰে সেই টকা। প্ৰথম বাৰতেই কিছু টকা লৈ গুচি আহে চোৰুনী।
ঘৰ আহি সেই টকা গনি চাই তাত ২৭ লাখ টকা পাই। তাৰে ভাতৃক ফ্লেট কিনি দিয়াৰ লগতে নিজৰ বাবেও গহনা বনাই লয়।
আৰু লাহে লাহে গোটেই টকা সৰকাই লয় চোৰ ৰূপী জীয়ৰীৰ বিশ্বাসী বান্ধৱীয়ে।
কিন্তু ইমানৰ পিছতো কোনো খবৰেই নাছিল মহিলাগৰাকীৰ। এদিন বাকচোট চাওতে হে সম্পৰ্ণ খালী দেখি আৰক্ষীত খবৰ কৰে।
আৰক্ষীয়ে সন্দেহৰ আৱৰ্তত কেইবাজনকো সোধপোচ কৰে, আৰু সেই তোৰ বান্ধৱীকো সন্দেহক ৰাখি জোৰ দি সোধোতেই সকলো সৈ কাঢ়ে।
কিদৰে টকা বিচাৰি উলিয়াই, কিদৰে অলৰ অলৰ কৈ সৰকাই সকলো বিৱৰী কয় আৰক্ষীৰ আগত। বান্ধৱীৰ এই ৰূপ দেখি সকলোৰে চকু কপালত উঠে।
আৰক্ষীয়ে তালাচী চলাই চোৰ বান্ধৱীৰ ঘৰৰ পৰা ফ্লেটৰ কাগড আৰু বহু গহণা উদ্ধাৰ কৰে।
বৰ্তমানে চোৰ বান্ধৱী আৰু লগতে বান্ধৱীৰ ভাতৃকো আৰক্ষীয়ে আটক কৰিছে।
Photo Credit: amar ujala