25 C
Guwahati
Saturday, March 25, 2023
More

    আজৱ কাণ্ড! শিৱসাগৰত পিতৃয়ে অপহৰণ কৰিলে কন্যা সন্তানক

    সদৰ থানাৰ ভিতৰত মহিলা আৰক্ষীয়ে শিশুটিৰ মাতৃক খেদি পঠিওৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে

    শিৱসাগৰত সংঘটিত হৈছে এক আজৱ ঘটনা। পাঁচমহীয়া কন্যা সন্তানক নিজ পিতৃয়ে অপহৰণ কৰাৰ এক অভিযোগ উত্থাপন হৈছে। সুৰা আসক্ত স্বামীয়ে যৌতুক বিচাৰি নিতৌ কৰা অত্যাচাৰত মাতৃ গৃহত আশ্ৰয় লৈ থকা পত্নীক মাৰধৰ কৰি আলিবাটৰ পৰা কাঢ়ি লৈ যায় পাঁচ মহীয়া কন্যা শিশুক। হানী ট্রেপিঙৰ লগত নাম সাঙোৰ খোৱা শিৱসাগৰ আৰক্ষীৰ ওপৰত পুনৰ এক অভিযোগ। সদৰ থানাৰ ভিতৰত মহিলা আৰক্ষীয়ে শিশুটিৰ মাতৃক খেদি পঠিওৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

    উল্লেখ্য যে ডেৰবছৰ পূর্বে শিৱসাগৰৰ ভগামুখ আৰক্ষী চকীৰ অন্তৰ্গত বনাই, পুথলিয়াল গাঁৱৰ নিৱাসী মণ্টু হাজৰিকাই ভটিয়াপাৰৰ সমীপৰ ৰাধিকা নগৰৰ নিৱাসী নীতা হাজৰিকাক বিয়া কৰাইছিল। বিয়াৰ কিছুদিন পাছৰে পৰা যৌতুক বিচাৰি প্রায়ে নীতা হাজৰিকাক শহুৰৰ পৰিয়ালে মাৰপিট কৰাৰ লগতে গালি গালাজ দি আহিছিল। ইয়াৰ পাছতে বিগত বৰ্ষৰ ১৩ ছেপ্তেম্বৰত শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত নীতাই এটি কন্যা শিশু জন্ম দিয়ে।

    পেছাত ৰাজমিস্ত্রীৰ যোগালি মণ্টু হাজৰিকাই সন্তানটিৰ খৰচ বহন কৰাৰ পৰা বিৰত থকাৰ লগতে পত্নী নীতাৰো খবৰ ল’বলৈ এৰি দিয়ে। অসহায় নীতাই উপায়ন্তৰ হৈ দিন হাজিৰা কৰি জীৱন কটোৱা পিতৃ মাতৃৰ গৃহত আশ্ৰয় লয়। কিন্তু হঠাৎ নীতাৰ স্বামী আহি নীতাক মাৰধৰ কৰি পাঁচমহীয়া কেঁচুৱাটি কাঢ়ি লৈ যায়। সমগ্ৰ ঘটনাৰ ভিত্তিত সদৰ থানাত দুখনকৈ এজাহাৰ দাখিল কৰা হয় যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আনহাতে সদৰ থানাত এগৰাকী মহিলা আৰক্ষীয়ে নীতা হাজৰিকা আৰু তেওঁৰ মাতৃ পুতু হাজৰিকাক অকথ্য কথাৰে অপমান কৰি খেদি পঠিওৱাৰো অভিযোগ উৎথাপন হৈছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং