33 C
Guwahati
Saturday, October 1, 2022
More

    দৰঙৰ বুঢ়া আৰক্ষী চকীৰ কাণ্ডৰ নতুন মোৰ, এই কাণ্ডৰ কেন্দ্ৰবিন্দু যুৱতীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

    ৰফুলে যুৱতীগৰাকীক পলাই নিয়াত সহযোগ কৰিছিল ৰফুলৰ তিনি ভগ্নীয়ে৷ ব্লেকমেইলিং কৰি পলুৱাই নিয়া ৰফুল আলী আৰু তিনি ভগ্নীৰ উচিত শাস্তি বিচাৰিছে যুৱতীগৰাকীয়ে৷ যুৱতীগৰাকীৰ মোবাইল ফোন এতিয়াও ৰফুলৰ ভগ্নীৰ হাতত

    দৰঙৰ বুঢ়া আৰক্ষী চকীৰ অমানৱীয় ঘটনাৰ ন ন তথ্য ফাদিল। অপহৃত যুৱতীগৰাকীক ব্লেকমেইলিং কৰি পলুৱাই নিছিল ৰফুল আলীয়ে৷ যুৱতীগৰাকীৰ মেবাইল ফোনৰ সকলো তথ্য হেক কৰিছিল ৰফুলে৷ যুৱতীগৰাকীলৈ বিহৰ বটলৰ ফটো প্ৰেৰণ কৰিছিল যুৱকজনে। পলাই নাহিলে বিহপান কৰিব বুলি কৈছিল যুবতীগৰাকীক। ব্লেডেৰে নিজৰ হাত কটা ফটোও প্ৰেৰণ কৰিছিল। ৰফুলৰ লগত যুৱতীগৰাকীয়ে বিয়া নহলে সকলো তথ্য ৰাজহুৱা কৰাৰ হুংকাৰ দিছিল ৰফুলে৷ উপায় নাপাই ৩ ছেপ্টেম্বৰত ৰফুলৰ লগত পলাই যাবলৈ বাধ্য হৈছিল যুৱতীগৰাকী৷

    ৰফুলে যুৱতীগৰাকীক পলাই নিয়াত সহযোগ কৰিছিল ৰফুলৰ তিনি ভগ্নীয়ে৷ ব্লেকমেইলিং কৰি পলুৱাই নিয়া ৰফুল আলী আৰু তিনি ভগ্নীৰ উচিত শাস্তি বিচাৰিছে যুৱতীগৰাকীয়ে৷ যুৱতীগৰাকীৰ মোবাইল ফোন এতিয়াও ৰফুলৰ ভগ্নীৰ হাতত ৷

    উল্লেখ্য যে, দৰঙৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই মূল অভিযুক্ত আচামিক নাপায় পৰিয়ালৰ তিনি গৰাকীকৈ মহিলাক ৮ ছেপ্টেম্বৰৰ পুৱতি নিশা গুৱাহাটীৰ পৰা আৰক্ষী চকীলৈ লৈ আহি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ পিছতে ৰাজ্যজুৰি এই ঘটনাই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। ইতিমধ্যে দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই অভিযুক্ত আৰক্ষী বিষয়া আৰু মহিলা কনিষ্টবলগৰাকীক তাৎক্ষণিক ভাৱে চাকৰিৰ পৰা নিলম্বন কৰাৰ উপৰিও মুখ্যমন্ত্ৰীয়ে ঘটনাৰ উচিত তদন্ত ঘোষণা কৰিছে৷

    সমগ্ৰ ঘটনা সন্দৰ্ভত ধূলা কাণ্ডৰ কেন্দ্ৰ বিন্দু যুৱতীৰ চাঞ্চল্যকৰ ভাষ্য…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং