জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত ভাৰত-পাকিস্তানৰ মাজত অব্যাহত আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। ইয়াকে লৈ তিব্বতীয় ধৰ্মগুৰু দালাই লামাই পাকিস্তানৰ ইমৰান চৰকাৰক এই পৰিস্থিতিৰ বাবে উপদেশ প্ৰদান কৰিছে।
কাশ্মীৰক লৈ পাকিস্তানৰ ধৰফৰণি আৰু বিশ্বজুৰি সহায় বিচৰা প্ৰসংগক লৈ দালাই লামাই ক’লে যে পাকিস্তানে ভাৰতক কেতিয়াও হৰুৱাব নোৱাৰে।
পাকিস্তানৰ অৱস্থা যথেষ্ট বেয়া, কিন্তু ইমৰান খানে ভাষণত উত্সাহ দেখালেও সঁচা কথা কেতিয়াও লুকাই নাথাকে। ইমৰান খান জ্ঞাত যে যদি যুদ্ধ হয় তেন্তে ভাৰতক হৰুৱাব নোৱাৰিব তাতকৈ ইমৰানে গঢ়ি তোলক বন্ধুত্বৰ সম্পৰ্ক।
পাকিস্তানতকৈ বেছি মুছলমান আছে ভাৰতত
দালাই লামাই ক’লে যে ভাৰত আৰু পাকিস্তানৰ বিভাজণৰ কোনো কাৰণ নাই।
Photo credit: asia.nikkei.com