24 C
Guwahati
Thursday, October 21, 2021
More

    ডুমডুমাত প্ৰথমে ব্যৱসায়ীক আক্ৰমণ, পিছত টকাসহ বাহন লৈ উধাও ডকাইত

    ডকাইতৰ আক্ৰমণত ব্যৱসায়ীজন গুৰুতৰভাৱে আহত হয়। অপহৰণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে ব্যৱসায়ী সঞ্জয় আগৰৱাই

    ডুমডুমাত নগৰৰ মাজমজিয়াত ডকাইতি কাণ্ড। দেওবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড। প্ৰথমে ব্যৱসায়ীক আক্ৰমণ পিছত টকাসহ স্কুটি লৈ উধাও ডকাইত। ডুমডুমা কলিয়াপানী নিৱাসী আৰু উচামাটিস্থিত ‘মিনু মটৰছ’ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সঞ্জয় আগৰৱালে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি স্কুটিৰে ঘৰ উভতাৰ পথতে বাইকেৰে ৩ যুৱক আহি মাৰণাস্ত্ৰৰে ব্যৱসায়ীজনক প্ৰথমে মূৰত আক্ৰমণ কৰে আৰু এজন যুৱকে আগৰৱালৰ স্কুটিখন লৈ ফিলবাৰী দিশত পলায়ন কৰে।

    কিছু সময়ৰ পিছত ব্যৱসায়ীজনৰ স্কুটিখন ঘৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ নিলগত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় যদিও স্কুটিখনত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় ৬০ হাজাৰ টকা লৈ উধাও হয় ডকাইতৰ দলটো।

    ডকাইতৰ আক্ৰমণত ব্যৱসায়ীজন গুৰুতৰভাৱে আহত হয়। অপহৰণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে ব্যৱসায়ী সঞ্জয় আগৰৱাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং