27 C
Guwahati
Monday, September 26, 2022
More

    ভয়ংকৰ ডকাইতি, গুলীচালনা কৰি লুটপাত চলালে ডকাইতে

    প্ৰথমে গুলীচালনা কৰি পিছত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ডকাইতে। হাত-ভৰি বান্ধি ব্যৱসায়ীজনক আক্ৰমণ ডকাইতৰ। ৯জনীয়া ডকাইতৰ এটা দল আহি প্ৰৱেশ কৰিছিল ব্যৱসায়ী ফজৰ আলীৰ ঘৰত

    লখিমপুৰ জিলাৰ ডিজুত নিশা ভয়ংকৰ ডকাইতিৰ ঘটনা। গুলীচালনা কৰি এঘৰত লুটপাত চলালে ডকাইতে। ফজৰ আলী নামৰ ব্যৱসায়ীজনৰ ঘৰৰ পৰা ডকাইতে লুটি নিলে নগদ প্ৰায় ২২ লাখ টকাৰ লগতে বিভিন্ন সামগ্ৰী। লখিমপুৰৰ ডিজু ওৰাং বস্তিত সংঘটিত এই ভয়ংকৰ ঘটনা।

    ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰি প্ৰথমে গুলীচালনা কৰি পিছত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ডকাইতে। হাত-ভৰি বান্ধি ব্যৱসায়ীজনক আক্ৰমণ ডকাইতৰ। ৯জনীয়া ডকাইতৰ এটা দল আহি প্ৰৱেশ কৰিছিল ব্যৱসায়ী ফজৰ আলীৰ ঘৰত। ডকাইতৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ফজৰ আলীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়া আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

    Photo Credit : bhaskar.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং