33 C
Guwahati
Thursday, March 30, 2023
More

    Breaking: মহিলাক চোকা অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই লুটিলে ২৪,৯০০ টকা

    ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত

    পুনৰ এক ডকাইতি কাণ্ড‌ই জোকাৰি গৈছে তিনিচুকীয়া। তিনিচুকীয়াৰ গেলাপুখুৰীত দিনদুপৰতে সংঘটিত হৈছে আন এক ডকাইতিৰ ঘটনা। তিনিচুকীয়াৰ এক্সিছ বেংকত আত্মসহায়ক গোটৰ ধন জমা কৰিবলৈ অহাৰ পথত ২ মহিলাক চোকা অস্ত্ৰ দেখুৱাই বাইকত অহা দুই দুৰ্বৃত্তই লুটিলে ২৪,৯০০ টকা।

    ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ইফালে মাত্ৰ দুদিনৰ ভিতৰতে জিলাখনত সংঘটিত হোৱা কেইবাটাও ডকাইতিৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং