19 C
Guwahati
Tuesday, December 7, 2021
More

    দৰঙত ডকাইতি কাণ্ড; গৃহস্থক হাত-ভৰি বান্ধি চোকা অস্ত্ৰৰে আঘাত কৰি ঘৰৰ পৰা লুটি লৈ যায় ধন-সোণ

    দৰঙৰ শিলবৰীত নিশা সংঘটিত হোৱা এক ডকাইতি কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

    উল্লেখ্য যে লকডাউনৰ মাজতে বৃহস্পতিবাৰে নিশা এটা ৫/৬ জনীয়া ডকাইতৰ দলে মুখত মাস্ক পৰিধান কৰি শিলবৰীৰ ওচৰৰ হাজংবস্তিত থকা ব্যৱসায়ী ৰণ্টি কুণ্ডু নামৰ মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে।

    ঘৰত সোমাই মহিলাগৰাকীৰ লগতে পুত্ৰ আৰু কন্যাৰ মুখত সোপা দি প্ৰচণ্ড মাৰধৰ কৰি আলমাৰিৰ সকলো চাবি কাঢ়ি নিয়ে৷

    ঘৰৰ টকা পইচা ক’ত লুকুৱাই ৰাখিছে বুলি পৰিয়ালটোক প্ৰশ্ন কৰি চোকা অস্ত্ৰৰে আঘাত কৰাত ৰণ্টি কুণ্ডুৰ পুত্ৰ বিশুব কুণ্ডুৰ মূৰ ফালি দিয়াৰ লগতে কন্যা পায়েলকো ভৰিত আঘাত কৰে৷

    জানিব পৰা মতে তিনিজনীয়া পৰিয়ালটোক হাত-ভৰি বান্ধি নিশা ১২ বজাৰ পৰা প্ৰায় দুঘণ্টা সময় ডকাইতৰ দলটোৱে

    ঘৰৰ ভিতৰৰ বিভিন্ন আলমাৰি ভাঙি লুটপাত চলাই নগদ ৪০ হাজাৰ টকা, ৭/৮ তোলা সোণৰ অলংকাৰ লুটি লৈ যায় ৷

    ডকাইতৰ দলটোৱে আনকি পিছত বিশুব কুণ্ডুৰ এ এছ ১৩ কে ৭০১৭ নম্বৰৰ কেটিএম বাইকখনো চুৰি কৰি লৈ যায় ৷

    এই ডকাইতি ঘটনাৰ পিছত শিলবৰী আৰক্ষী চকী আৰু দলগাঁও থানাৰ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে৷

    ঘটনাসথলীত দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞা শিলবৰী হাজংবস্তিত উপস্থিত হৈ ডকাইতৰ দলটোৰ সন্ধানত ব্যাপক অভিযান চলায়।

    Photo: Time8

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং