মুকালমুৱাত পুনৰ চাঞ্চল্যকৰ দিন ডকাইতি। পিষ্টল দেখুৱাই বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা ডকাইতে কাঢ়ি লৈ গল ধন। মুকালমুৱাৰ গোৰাক্ষাট্টাৰীত সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা। নম্বৰ প্লেটবিহীন পালছাৰ বাইকত আহিছিল ৩ অস্ত্ৰধাৰী ডকাইতৰ দলটো। ৰামপুৰ বন্ধন বেংকৰ কৰ্মচাৰী হিৰকজ্যোতি ৰাজবংশীৰ পৰা ডকাইতে লৈ লুটি নিয়ে ৩০ হাজাৰ টকা।
বন্ধন বেংকৰ কৰ্মচাৰীজনক তিনি অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে আগভেটি ধৰি মাৰধৰ কৰাৰো অভিযোগ। বৰপেটাৰ ৰৌমাৰীৰ পৰা লোনৰ টকা সংগ্ৰহ কৰি ৰামপুৰৰ বেংক অভিমুখে বাইকেৰে আহি আছিল বন্ধন বেংকৰ কৰ্মচাৰীজন। উল্লেখ্য যে মাত্ৰ ১৩ দিন পূৰ্বে মুকালমুৱাত সংঘটিত হৈছিল অনুৰূপ চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা।