32 C
Guwahati
Friday, September 23, 2022
More

    ৰাজ্যত পুনৰ গুলীচালনা কৰি ধন লুটি নিলে ডকাইতে

    ডকাইতৰ গুলীত গুৰুতৰভাৱে মেনেজাৰজনক হাস্পতাললৈ প্ৰেৰণ

    পুনৰ গুলীচালনা কৰি ধন লুটৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। নগাঁৱৰ এটা তেল ডিপোত মেনেজাৰক গুলীয়াই টকা লুটি নিলে ডকাইতে। ডকাইতৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেল ডিপোৰ মেনেজাৰ ৰাজু জৈন। গুলীবিদ্ধ ৰাজু জৈনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটীৰ হাস্পতাললৈ।

    তেল ডিপোৰ পৰা টকা বেগত লৈ গাড়ীত উঠিবলৈ লওতেই মেনেজাৰজনলৈ লক্ষ্য কৰি গুলীয়ায় ডকাইতে আৰু তাৰ পাছতে মেনেজাৰজনে বেগত লোৱা টকাখিনি লৈ উধাও হয় ডকাইতকেইটা। জানিব পৰা হোৱা নাই ডকাইতে লুটি নিয়া টকাৰ পৰিমাণ। ৪-৫জনীয়া ডকাইতৰ দলটো গুলীচালনা কৰি লুটি নিয়ে টকাখিনি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুলীবিদ্ধ মেনেজাৰ ৰাজু জৈনক হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

    Photo : Rupjyoti Bhuyan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং