নগাঁও চহৰত বাহৰ পাতিছে কুখ্যাত ডকাইতৰ দলে। ডকাইতক বিচাৰি অব্যাহত আছে নগাঁও আৰক্ষীৰ অভিযান। ডকাইতৰ বিৰুদ্ধে সকলো সময়তে সষ্টম নগাঁও আৰক্ষী। শুকুৰবাৰে চহৰখনৰ ছোট ৰূপহীৰ পৰা কুখ্যাত ডকাইত চাইদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

এক গোপন খবৰৰ ভিত্তিত নগাঁৱৰ আৰক্ষী বিষয়া গুণীন্দ্ৰ ডেকা, উপ- আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে চাইদুল ইছলাম নামৰ ডকাইতটোৰ ঘৰত অতৰ্কিতে অভিযান চলাই এটা জোতাৰ বাকচত লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে ৫জাঁই সজীৱ গুলীসহ এটা 7.65 mm পিষ্টল জব্দ কৰে। ধৃত চাইদুল ইছলাম ইয়াৰ পূৰ্বেও বহু কেইটা ডকাইতিৰ লগত জড়িত থকাৰ কথা উল্লেখ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক গুণীন্দ্ৰ ডেকাই।
Input & Photo: Biju Gohain