23.4 C
Guwahati
Wednesday, October 20, 2021
More

    বলীউডৰ নতুন মুন্নীক লৈ শংকিত মালাইকা আৰোৰা!

    মাইলাকা সংকটৰ কাৰণ হৈ পৰিছে বলীউডৰ এজনী নতুন মুন্নী। দৰাচলতে চলমানৰ ডাবাংগ-৩ চিনেমাখন আহি আছে চলিত বৰ্ষৰ ২০ ডিচেম্বৰত। এই চিনেমাখনতে এইবাৰ আছে 'মুন্না বদনাম হুৱা' শীৰ্ষক এটা আইটেম ছং

    নিজৰ শৰীৰী যাদুৰে সকলোকে মোহাচ্ছন্ন কৰি অহা বলীউডৰ আইটেম গাৰ্ল মালাইকা আৰোৰা ভূগিছে সংকটত। ডাবাংগত ‘মুন্নী বদনাম হুই ডাৰ্লিং তেৰে লিয়ে’ গানটোত মালাইকা আৰোৰাৰ নৃত্য ভংগীমাক কোনেও পাহৰিব নোৱাৰে। সেই জনপ্ৰিয় গানটোৰ পাছতেই মালাইকাক মানুহে মাতিবলৈ লৈছিল মুন্নী বুলি। মাইলাকা সংকটৰ কাৰণ হৈ পৰিছে বলীউডৰ এজনী নতুন মুন্নী। দৰাচলতে চলমানৰ ডাবাংগ-৩ চিনেমাখন আহি আছে চলিত বৰ্ষৰ ২০ ডিচেম্বৰত। এই চিনেমাখনতে এইবাৰ আছে ‘মুন্না বদনাম হুৱা’ শীৰ্ষক এটা আইটেম ছং।

    Photo Credit: Peepingmoon

    এই গীতটোত চলমানৰ খানৰ সৈতে নৃত্য কৰি সকলোকে মুহিবলৈ সক্ষম হৈছে নতুন মুন্নীয়ে। এইগৰাকী মুন্নীৰ নাম ৱাৰিণা হুছেইন। ২০ বৰ্ষীয় ৱাৰিণাই ইতিমধ্যেই দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। সেয়ে আইটেম ছঙৰ পৃথিৱীত স্থান হেৰুৱাৰ ভয়ত শংকিত হৈছে ছেইয়া ছেইয়া গাৰ্ল মালাইকা। পৰৱৰ্তী সময়ত হে গম পোৱা যাব ৱাৰিণা হুছেইনে নিজৰ যাদু বলীউডত কিমান দিনলৈকে চলাব পাৰে! উল্লেখ্য যে ডাবাংগ-৩ পৰিচালনা কৰিছে প্ৰভূ দেৱাই। নায়ক চলমান খানৰ বিপৰীতে আছে নায়িকা সোণাক্ষী সিনহা।

    Photo Credit: Janman TV

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং