25 C
Guwahati
Thursday, February 2, 2023
More

    তীব্ৰ গতিত ভাৰতৰ পূৱ দিশে ঘূৰ্ণীবতাহ ‘আমফান’

    কৰ’ণাৰ সংহাৰৰ মাজতে আন এক বিপদৰ আগজাননী। তীব্ৰ গতিত আহি আছে ঘূৰ্ণীবতাহ আমফান। ৭৫ৰ পৰা ৯৫ কিলোমিটাৰ বেগত আহি আছে ‘আমফান’ ঘূৰ্ণীবতাহ। ভাৰতৰ পূৱ উপকূলীয় অঞ্চলত আমফানে তাণ্ডৱ চলোৱাৰ সম্ভাৱনা। যাৰ বাবে ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।

    উত্তৰ পূবৰ তিনি ৰাজ্য ক্ৰমে অসম, মেঘালয় আৰু ত্ৰিপুৰাতো আমফানৰ আংশিক প্ৰভাৱ পৰাৰ সম্ভাৱনা। ধাৰাসাৰ বৰষুণ আহিব এই আমফাল বতাহৰ সৈতে। সেয়ে উত্তৰ-পূবৰো লোকক সতৰ্ক হ’বলৈ আহ্বান জনাইছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

    বিশেষকৈ দেশৰ পূৱ উপকূলীয় অঞ্চল উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, পশ্চিম বংগত এই ‘আমফান’ ঘূৰ্ণীবতাহে তাণ্ডৱ চলোৱাৰ সম্ভাৱনা। ইয়াৰ উপৰিও আন্দমান আৰু নিকোবৰ দীপপুঞ্জ, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, কৰ্নাটক, কেৰালা আৰু লাক্ষাদ্বীপত ধাৰাসাৰ বৰষুম অহাৰ সম্ভাৱনা।

    Photo credit: The weather Channel

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং