25 C
Guwahati
Thursday, October 6, 2022
More

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পশ্চিমবংগত উপস্থিত, ঘূৰ্ণীবতাহ আমফানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’ব বিমানেৰে

    উল্লেখ্য যে ঘূৰ্ণীবতাহ আমফানৰ ফলত পশ্চিমবংগ আৰু ওড়িশাত ৭২জন লোকৰ মৃত্যু হয়। কেইবাখনো দলং আৰু কেইবাটাও অট্টালিকাৰ যথেষ্ট ক্ষতিসাধন হয়

    ৮৩ দিন পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীৰ পৰা বাহিৰলৈ ওলাইছে। কিছু সময় পূৰ্বে পশ্চিমবংগত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নৰেন্দ্ৰ মোদীক আদৰণি জনায়। আজি প্ৰধানমন্ত্ৰী মোদীয়ে বিধ্বংসী ধুমুহাৰ ফলত প্ৰভাৱিত হোৱা পশ্চিমবংগ আৰু ওড়িশা পৰিদৰ্শন কৰিব বিমানেৰে। ঘূৰ্ণীবতাহ আমফানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’ব।

    পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনাইছিল যে তেওঁ আমফানৰ ফলত প্ৰভাৱিত জিলাসমূহ পৰিদৰ্শন কৰাৰ লগতে ক্ষতিগ্ৰস্ত হোৱা এলেকাসমূহৰ পুনঃনিৰ্মাণৰ সহায়-সহযোগিতা আগবঢ়াওক। পশ্চিমবংগৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ওড়িশালৈও ৰাওনা হ’ব।

    উল্লেখ্য যে ঘূৰ্ণীবতাহ আমফানৰ ফলত পশ্চিমবংগ আৰু ওড়িশাত ৭২জন লোকৰ মৃত্যু হয়। কেইবাখনো দলং আৰু কেইবাটাও অট্টালিকাৰ যথেষ্ট ক্ষতিসাধন হয়। ধুমুহাৰ ফলত কেইবাটাও উপকূলীয় জিলাত বিদ্যুৎ আৰু দূৰসংযোগ ব্যৱস্থাৰ ক্ষয়-ক্ষতি হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৮৩ দিন অৰ্থাৎ প্ৰায় ৩ মাহৰ পিছত বাহিৰলৈ ওলাইছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদী ২৯ ফেব্ৰুৱাৰীত উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজ আৰু চিত্ৰকূট ভ্ৰমণ কৰিছিল।

    দেশত অব্যাহত লকডাউন। আজি লকডাউনৰ ৫৯ দিন। লকডাউনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীতে বাহৰ পাতিছিল। এই ৫৯ দিনত তেওঁ ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ভাৰতৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় বৈঠকত অংশগ্ৰহণ কৰিছিল।

    ওড়িশাৰ বিষয়াই জনোৱা অনুসৰি ঘূৰ্ণীবতাহ আমফানে প্ৰায় ৪৪.৮ লাখ লোকৰ ক্ষতিসাধন কৰে। ২খন জিলা উত্তৰ আৰু দক্ষিণ ২৪ পৰগণা সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং