খাৰুপেটীয়াত ভাৰতীয় সেনাৰ প্ৰশংসনীয় পদক্ষেপ। খাৰুপেটীয়াত অৱস্থিত ৰেড হৰণ্চ ডিভিজনত আজি অঞ্চলটোত পিছ পৰি থকা তথা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ৪০গৰাকী ছাত্ৰীৰ মাজত একোখনকৈ চাইকেল বিতৰণ কৰা হয়। আৰ্মী চি অ ,কমাণ্ডেণ্টৰৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে চাইকেল বিতৰণ অনুষ্ঠান সম্পন্ন কৰে।

খাৰুপেটীয়াৰ ৰয়েল একাডেমী,মহম্মদ আলী হাইস্কুল আৰু দীক্ষা একাডেমীৰ ছাত্ৰীৰ মাজত চাইকেলসমূহ বিতৰণ কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে দেশ ভক্তিমুলক গীত ,নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়।
Photo Credit:@rikidas