26 C
Guwahati
Sunday, September 25, 2022
More

    গুৱাহাটীত ৫টাকৈ চাইবাৰ অপৰাধী পৰিল জালত

    অপৰাধীকেইটাৰ পৰা ২০খন ATM কাৰ্ডৰ আৰু কেইবাখনো চেকবুক জব্দ কৰে অভিযানকাৰী দলে। দীৰ্ঘদিন ধৰি ধন হৰলুকী কাৰ্যত জড়িত আছিল চাইবাৰ অপৰাধীকেইটা

    জালত পৰিল ৫টাকৈ চাইবাৰ অপৰাধী। গুৱাহাটীৰ বেলতলাস্থিত হোটেল নক্ষত্ৰত বাহৰ পাতি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ত কৰে চাইবাৰ অপৰাধীকেইটাক। ক্ৰাইম ব্ৰাঞ্চ আৰু বশিষ্ঠ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই চাইবাৰ অপৰাধীকেইটাক আটক কৰে হোটেলৰ পৰা।

    হোটেল নক্ষত্ৰৰ পৰা ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে আটক কৰা চাইবাৰ অপৰাধীকেইটা ক্ৰমে দিল্লীৰ আকাশ শৰ্মা, কোকৰাঝাৰৰ সমৰেন্দ্ৰ ব্ৰহ্ম, মহাৰাষ্ট্ৰৰ প্ৰফুল্ল লালজানুৰ, অসমৰ সুনীল বাগলাৰী আৰু মেহৰাজ আহমেদ লস্কৰ। ধৃত অপৰাধীকেইটাৰ পৰা ২০খন ATM কাৰ্ডৰ আৰু কেইবাখনো চেকবুক জব্দ কৰে অভিযানকাৰী দলে। দীৰ্ঘদিন ধৰি ধন হৰলুকী কাৰ্যত জড়িত আছিল চাইবাৰ অপৰাধীকেইটা।

    Photo : TIME8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং