27 C
Guwahati
Sunday, December 5, 2021
More

    নিৰ্ভয়া কাণ্ডঃ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে অপৰাধী পৱনৰ কিউৰেটিভ আৱেদন

    কাইলৈ পুৱা ৫.৩০ বজাত ফাঁচী দিয়া হ'ব নিৰ্ভয়াৰ দোষীক। ইয়াৰ পূৰ্বেও আদালতে অপৰাধীৰ ডেথ ৱাৰেণ্ট স্থগিত কৰি ৰাখিছিল

    নিৰ্ভয়াৰ অপৰাধীক ফাঁচীৰ পৰা বচাবলৈ আন এটা কৌশল উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে। উল্লেখ্য যে নিৰ্ভয়া কাণ্ড সন্দৰ্ভত ৪ অপৰাধীক ২০ মাৰ্চৰ পুৱা ৫.৩০ বজাত ফাঁচী দিয়াৰ আদেশ প্ৰদান কৰা হৈছে। ইয়াৰ পিছৰে পৰা অপৰাধীৰ অধিবক্তাই অপৰাধীক বচাবলৈ নতুন-নতুন কৌশল অৱলম্বন কৰি আছে। নিৰ্ভয়া কাণ্ড যি সময়ত সংঘটিত হৈছিল সেই সময়ত অপৰাধী নাবালিক আছিল বুলি দাবী কৰি আদালতত কিউৰেটিভ পিটিচন দাখিল কৰিছিল পৱনৰ অধিবক্তাই কিন্তু উচ্চতম ন্যয়ালয়ে সেয়া খাৰিজ কৰিছিল।

    ইয়াৰ পূৰ্বে বুধবাৰে দিল্লীৰ এখন আদালতে কঠোৰভাৱে অপৰাধীৰ অধিবক্তাক সুধিছিল যে তেওঁ সদায় অন্তিম সময়তে কিয় আদালতত হাজিৰ হয়। নিৰ্ভয়াৰ অধিবক্তা এপি সিঙে অপৰাধীক ফাঁচীৰ পৰা বচাবলৈ ধাৰাবাহিকভাৱে নতুন নতুন কৌশল অৱলম্বন কৰি আহিছে। শুকুৰবাৰে ৪ অপৰাধীক দিবলগীয়া ফাঁচীৰ শাস্তি বিলম্ব কৰিবলৈ অধিবক্তাগৰাকীয়ে আন এটা প্ৰচেষ্টা চলাই আৰু ট্ৰায়ল কোৰ্টৰ দ্বাৰস্থ হয়।

    কাইলৈ পুৱা ৫.৩০ বজাত ফাঁচী দিয়া হ’ব নিৰ্ভয়াৰ দোষীক। ইয়াৰ পূৰ্বেও আদালতে অপৰাধীৰ ডেথ ৱাৰেণ্ট স্থগিত কৰি ৰাখিছিল।

    Photo credit: dnaindia.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং