23 C
Guwahati
Thursday, October 28, 2021
More

    মুখ্যমন্ত্ৰীৰ ঘোষণা মাজুলীত স্থাপন হ’ব ‘সাংস্কৃতিক প্ৰকল্প’

    মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ সোণোৱালৰ

    বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সফল সমাপ্তি মিচিং যুৱ মহোৎসৱৰ। সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্ধিয়া যুৱ মহোৎসৱৰ অনুষ্ঠানত ভাগ ললে কুকিল কণ্ঠী গায়িকা উষা মংগেশকাৰে। ‘অসম দেশৰ বাগিচাৰে’, ‘চিনাকী চিনাকী মোৰ মনৰ মানুহ’ শীৰ্ষক জনপ্ৰিয় গীত গাই মুগ্ধ কৰিলে লক্ষ লক্ষ লোকক।

    গীত পৰিৱেশনৰ পূৰ্বে সুধাকণ্ঠ ভূপেন হাজৰিকাক সুৱৰি আৱেগিক হৈ পৰে যশস্বী শিল্পীগৰাকী। ভুপেনদা নিজৰ দাদাৰ দৰে আছিল বুলি অৱগত কৰে। মাজুলীলৈ অহাৰ অজস্ৰ হেপাহ থকাৰ পৰিপ্ৰেক্ষিতত অসুস্থ দেহাৰেই মাজুলী চাবলৈ অহা বুলি অৱগত কৰে উষা মংগেশকাৰে।

    উল্লেখ্য যে শিল্পী গৰাকীৰ ভগ্নী লতা মংগেশকাৰেলৈ মাজুলীৰ পৰা দিয়া হল বিশেষ উপহাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ হাতেৰে অৰ্পন কৰিলে এই উপহাৰ। যি উপহাৰত আছে মাজুলীৰ কৃষকে উৎপাদন কৰা বাও চাউল, আলু, মাটি মাহ লগতে মিছিং সকলৰ পৰম্পৰাগত গেৰ’অ, ৰিবি গাচেং আৰু বান কাঁহী।

    লগতে এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে এক সাংস্কৃতিক প্ৰকল্পৰ। মাজুলীত স্থাপন হ’ব ‘সাংস্কৃতিক প্ৰকল্প’। এই সাংস্কৃতিক প্ৰকল্পৰ জড়িয়তেই বিশ্বৰ দৰবৰাত আৰু এখোপ আগবাঢ়ি যাব অসমৰ লগতে মাজুলিৰ কলা-সংস্কৃতি।

    Photo Credit: @sarbanandsonwal @kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং