26 C
Guwahati
Thursday, September 22, 2022
More

    বন্দুক দেখুৱাই ৮ বছৰে ত্ৰাস চলোৱা কুখ্যাত গৰু চোৰ নিজামউদ্দিন বন্দুকসহ জালত পৰিল আৰক্ষীৰ

    আঢ়ৈ হাজাৰ টকাত ডিমাপুৰৰ পৰা ক্ৰয় কৰিছিল বন্দুক। আৰু এই বন্দুক দেখুৱাই প্ৰায় ৮ বছৰৰ পৰা বিভিন্ন স্থানত গৰু চুৰি কৰি চলাই আহিছিল তাণ্ডৱ

    এটা কুখ্যাত গৰু চোৰ। নাম নিজামউদ্দিন। ঘৰ কামপুৰ চিমলাপথাৰত। কুখ্যাত নিজামউদ্দিনে বিগত আঠ বছৰ ধৰি কৰি আহিছিল গৰু চুৰ।কিন্তু এইবাৰ বন্দুকসহ কুখ্যাত নিজামউদ্দিন জালত পৰিল পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ আৰক্ষীৰ। আৰক্ষী বিষয়া পৱন কলিতা আৰু ৰবিন তিমুঙৰ নেতৃত্বত চলা এক অভিযানত জালত পৰে কুখ্যাত নিজামউদ্দিন। বন্দুকসহ আৰক্ষীৰ জালত পৰাৰ পিছত কুখ্যাত গৰু চোৰ নিজামউদ্দিনৰ স্বীকাৰোক্তি। আঢ়ৈ হাজাৰ টকাত ডিমাপুৰৰ পৰা ক্ৰয় কৰিছিল বন্দুক। আৰু এই বন্দুক দেখুৱাই প্ৰায় ৮ বছৰৰ পৰা বিভিন্ন স্থানত গৰু চুৰি কৰি চলাই আহিছিল তাণ্ডৱ।

    উল্লেখযোগ্য যে ধৃত নিজামউদ্দিনে আন ৩ সহযোগীক লৈ ২৭ ফেব্ৰুৱাৰী নিশা পশ্চিম কাৰ্বি আংলং জিলাৰ নামতৰাডুবি গাঁৱৰ বিপিন বৰাৰ ঘৰত প্ৰৱেশ কৰিছিল চুৰ কৰাৰ উদ্দেশ্যে।কিন্তু গৃহস্থ সাৰে থকাত চোৰ অহাৰ উমান পাই গৃহস্থ ওলাই অহাত বিপিন বৰা আৰু জীয়ৰী ৰশ্মিৰেখা বৰাক গুলীয়াই পলায়ন কৰিছিল কুখ্যাত গৰু চোৰ নিজামউদ্দিন।

    তেতিয়াৰ পৰা আৰক্ষীয়ে তেওঁৰ সন্ধানত চলোৱা অভিযানত শনিবাৰে নিশা বন্ধুক সহ জালত পৰে বৈঠালাংছ’ আৰক্ষীৰ।ইপিনে ঘটনাৰ দিনা ৰাইজে নিজামউদ্দিনৰ তিনি সহযোগী ৰমবাবু বৰা,জিম্বু ডেকাৰাজা আৰু বাবুলি বৰাক কৰায়ত্ত কৰি গতাই দিছিল আৰক্ষীক।

    Input & Photo: Jyoti Prasad Hazarika

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং