21 C
Guwahati
Friday, January 28, 2022
More

    কৰ’ণাত মৃত্যু হোৱা যুৱতীৰ দুখনকৈ জ্বলিল চিতা, এখন নাৰায়নপুৰত আৰু আনখন দিল্লীত

    Covid-19ত আক্ৰান্ত হৈ বুধবাৰে দিল্লীত মৃত্যু হোৱা লখিমপুৰৰ নাৰায়ণপুৰৰ ছোনিয়া দেউৰীৰ প্ৰতিকী ৰূপত শেষকৃত্য সম্পন্ন কৰে পৰিয়ালৰ লোকে

    কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হোৱা লখিমপুৰৰ যুৱতীৰ শেষকৃত্য সম্পন্ন। কিন্তু যুৱতীগৰাকীৰ চিতা জ্বলিল দুখনকৈ।

    এখন জ্বলিল লখিমপুৰৰ যুৱতীগৰাকীৰ বাসগৃহত আৰু আনখন জ্বলিল দিল্লীত। শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে নাৰায়ণপুৰৰ গৃহত।

    Covid-19ত আক্ৰান্ত হৈ বুধবাৰে দিল্লীত মৃত্যু হোৱা লখিমপুৰৰ নাৰায়ণপুৰৰ ছোনিয়া দেউৰীৰ প্ৰতিকী ৰূপত শেষকৃত্য সম্পন্ন কৰে পৰিয়ালৰ লোকে।

    দিল্লীত প্ৰশাসনে যুৱতীগৰাকীৰ মৃতদেহ অন্তিম সৎকাৰ কৰাৰ একে সময়তে নাৰায়নপুৰৰ বাসগৃহটো পৰিয়ালে যুৱতীগৰাকীৰ প্ৰতিকী সত্কাৰ কৰে।

    বুধবাৰৰ পৰা কেইবাবাৰো প্ৰশাসনক যুৱতীগৰাকীৰ মৃতদেহ নিজ গৃহলৈ আনিবলৈ অনুৰোধ কৰাৰ পিছতো পৰিয়ালক প্ৰশাসনে অপাৰগ বুলি ঘোষণা কৰাত এই ব্যৱস্থা গ্ৰহণ কৰে।

    যুৱতীগৰাকীৰ সমগ্ৰীসমূহে আজি সম্পূৰ্ণ দেউৰী পৰম্পৰা অনুসৰি সৎকাৰ কৰে পৰিয়ালে।

    দিল্লীৰ এটা NGOৰ সহযোগত নতুন দিল্লীৰ শ্মশানত ছোনিয়াৰ বৃহস্পতিবাৰে শেষকৃত্য সম্পন্ন কৰা হয়৷

    ছোনিয়াক শেষ বিদায় দিবলৈ আৰু তেওঁৰ আত্মাৰ সদগতি কামনাৰে ছোনিয়াৰ জন্ম গাঁও বৰদেউৰীটো ৰাইজে একে সময়তে শেষকৃত্য সম্পন্ন কৰে।

    বৰদেউৰী গাঁৱত ছানিয়াই ঘৰলৈ আহিলে ব্যৱহাৰ কৰা কাপোৰ আৰু বাচন-বৰ্তনবোৰকে চাঙিত সজাই সকলো নীতিনিয়ম পালন কৰি চিতাত দাহ কৰে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং