চৰকাৰৰ ফালৰ পৰা আহিছে এক কাঢ়া নিৰ্দেশ। ২০২১ চনৰ জুলাই মাহলৈকে সকলোৱে পিন্ধিব লাগিব মাস্ক আৰু মানি চলিব লাগিব সামাজিক ব্যৱধান।
লগতে চৰকাৰৰ বিনা অনুমতিত অনুষ্ঠিত কৰিব নোৱাৰিব সামাজিক বহুতো মানুহ গোট খোৱা কোনো সভা-কৰ্ম বা সমিতি আদিও।
এই নিৰ্দেশনা জাৰি কৰিছে কেৰালা চৰকাৰে।
কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা চৰকাৰে শেহতীয়াকৈ এই গাইডলাইন জাৰি কৰিছে।
২০২১ৰ জুলাই মাহলৈকে প্ৰযোজ্য হোৱাকৈ এই গাইডলাইন জাৰি কৰিছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্য চৰকাৰখনে।
Kerala Epidemic Disease Corona Virus Disease (Covid-19) Additional Regulations, 2020’ নামেৰে জাৰি কৰিছে এই নতুন চৰকাৰী নিৰ্দেশনা।
এই নিৰ্দেশ অমান্য কৰা সকলে Kerala Epidemic Diseases Ordinance, 2020ৰ অধিনত শাস্তিৰো সন্মুখিন হব লগা হ’ব।
Photo Credit: The Indian express