17 C
Guwahati
Friday, December 3, 2021
More

    মডেল তথা অভিনেত্ৰী ইশিকা বৰাৰ ঘৰৰ পৰা কোভিড চিকিৎসালয়ৰ সামগ্ৰী জব্দ আৰক্ষীৰ

    মুম্বাইৰ গ্লেমাৰ জগতত প্ৰতিষ্ঠিত হোৱা, ব্যয়বহুল ‘দেৱনীয়া’ৰ আলোচনীৰ ৫টাকৈ সংখ্যাৰ বেটুপাতত স্থান পোৱা মডেল তথা

    অভিনেত্ৰী ইশিকা বৰাৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে কোভিড চিকিৎসালয়ৰ সামগ্ৰী।

    উল্লেখযোগ্য যে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কোভিড চিকিৎসালয়ৰ দায়িত্বত থকা চিকিৎসক মুকুট বৰাই আৰক্ষী চকীত মডেল ইশিকা বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

    এজাহাৰত চিকিত্সগৰাকীয়ে উল্লেখ কৰিছে যে ইশিকা বৰা নামৰ কোভিড ৰোগীগৰাকীয়ে সুস্থ হৈ উঠাৰ পিছত,

    চিকিৎসালয়ৰ পৰা ৰিলিজৰ সময়ত তেওঁক ব্যৱহাৰৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই দিয়া সামগ্ৰীসমূহ জমা দিয়া নাই।

    এজাহাৰ দাখিল কৰি চিকিৎসকজনে এই সম্পৰ্কত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায়।

    চিকিৎসকজনৰ অভিযোগৰ ভিত্তিতে কামপুৰৰ আৰক্ষীয়ে ইশিকা বৰাৰ ঘৰৰ পৰা কোভিড চিকিৎসালয়ৰ সামগ্ৰীসমূহ উদ্ধাৰ কৰে।

    ইশিকা বৰাই এই ক্ষেত্ৰত মত ব্যক্ত কৰি কয় যে সামগ্ৰীৰসমূহ তেওঁ আনিছিল যদিও সেই বিষয়ে তেওঁ স্বাস্থ্য বিভাগক অৱগত কৰিছে আৰু এয়া সম্পূৰ্ণ ভিত্তিহীন।

    ইয়াৰ বাবে অভিনেত্ৰীৰ ইশিকা বৰাই সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে।

    উল্লেখ্য যে ২৩ জুনত অভিনেত্ৰীগৰাকীৰ দেহত ধৰা পৰিছিল কৰ’ণা পজিটিভ।

    ১৯ জুনত মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হৈ ইশিকাই ছোৱাব টেষ্টৰ পিছতে নগাঁৱৰ কামপুৰৰ ঘৰত হোম কোৱাৰেণ্টেইনত আছিল।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং