19 C
Guwahati
Sunday, December 5, 2021
More

    ইজৰাইলৰ পৰা উভতি অহা অসমৰ ছাত্ৰ COVID-19ত আক্ৰান্তৰ সন্দেহ

    ছাত্ৰজনৰ বন্ধু সম্প্ৰতি COVID-19ত আক্ৰান্ত হৈ চিকিৎসাধীন

    COVID-19ত অসমৰ ছাত্ৰ আক্ৰান্তৰ সন্দেহ। ইজৰাইলত অধ্যয়ন কৰি আছিল ছাত্ৰজন। কিছুদিন পূৰ্বে ইজৰাইলৰ পৰা উভতি আহে ছাত্ৰজন। ছাত্ৰজনৰ ঘৰ ভাৰত-ভূটান সীমান্তৰ বাক্সাৰ বঙালীপাৰাৰ উৰখুঁটিত। ২২ মাৰ্চত ইজৰালৰ পৰা যুৱকজন আহিছিল বাক্সাৰ উৰখুঁটিৰ নিজ গৃহলৈ।

    ঘৰলৈ আহিয়েই নিজকে আছুতীয়াকৈ ৰাখে ছাত্ৰজনে। ছাত্ৰজন সম্প্ৰতি জ্বৰ, কাঁহ, চৰ্দিত আক্ৰান্ত। ছাত্ৰজনক আছুতীয়াকৈ ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিছে বাক্সাৰ স্বাস্থ্য বিভাগে। ওচৰতে থকা ৰাইজকো নজৰত ৰাখিব স্বাস্থ্য বিভাগে। উপস্থিত আৰক্ষীৰ দলো

    উল্লেখ্য যে ছাত্ৰজনৰ সৈতে আহিছিল উত্তৰ প্ৰদেশৰ এজন বন্ধুও। বন্ধুজন COVID-19ত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন।

    Photo: clevelandclinic.org

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং